নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা চাপৰমুখত আৰ্থ ব্ৰিগ্ৰেড ফাউণ্ডেচন আৰু গোৰ্খা সন্মিলনৰ বান সাহায্য প্ৰদান

নিয়মীয়া বাৰ্তা, ২৬ জুন: নগাঁও জিলাৰ ৰহাত শেহতীয়াকৈ হোৱা দুটাকৈ প্ৰলয়ংকাৰী বানত বিধস্ত হোৱা বন্যাৰ্তৰ দুখ কুলাই পাছিয়ে নধৰা হৈছে। এই দুৰ্যোগৰ সময়ত চৰকাৰৰ লগতে বানাক্ৰান্তৰ কাষলৈ আহিছে বিভিন্ন দল-সংগঠনৰ লগতে প্ৰদান কৰিছে বান সাহাৰ্য। দেওবাৰে বেচৰকাৰী সংস্থ’ আৰ্থ বিগ্ৰেড ফাউণ্ডেচন আৰু নগাঁও গোৰ্খা সন্মিলনে ৰহা চাপৰমুখত বানপীড়িতক সাহাৰ্য প্ৰদান কৰে। শিল্পী কমল লস্কৰৰ পৰিচালনাত দুয়োটা সংগঠনৰ যৌথ উদ্যোতগত মম,ম’হৰ কয়ল, বিস্কুট, পানী আদি সামগ্ৰীৰ লগতে মহিলা সকলৰ বাবে বিশেষকৈ নেপকিন,পেড আৰু কাপোৰ প্ৰদান কৰে। বানপানীৰ সময়যত যাতে মহিলা সকলে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে সংগঠন কেইটাই ব্যতিক্ৰমী সামগ্ৰীৰে সাহাৰ্য প্ৰদান কৰে।

প্ৰেৰক ভৱজোতি ডেকা

You might also like