নিয়মীয়া বাৰ্তা, ২৬ জুনঃ আন্তৰাষ্ট্ৰীয় ড্ৰাগছবিৰোধী দিবসৰ লগত সংগতি ৰাখি আজি সোণাৰি চাপৰিত আৰক্ষী আৰু সংবাদকৰ্মীৰ উদ্যোগত অনুস্থিত কৰা হয় সজাগতা সভা ৷ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক ৰাজেন টাকুৰ সভাপতিত্বত মুহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দিনৰ ১ বজাত অনুস্থিত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী বা পানীয়ৰ জৰিয়তে হব পৰা ক্ষতি আৰু অপকাৰিতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক সজাগ কৰি জনসজাগতা সৃষ্টি কৰি নিচামুক্ত সমাজ গঢ়াৰ সংকল্প লোৱা হয় ৷ নিয়মীয়া বাৰ্তা কাকতৰ সংবাদকৰ্মী ৰাজেশ কুমাৰ বুঢ়াগোহাঞিয়ে আঁত ধৰা সভাখনত সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰুমী বৰুৱা, সোণাৰি চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী অনন্ত কুমাৰ নৰহ, সোণাৰি চাপৰি কেকুঁৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বিজু চুতীয়া, মুহি মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন শইকীয়া আদিয়ে সুস্থ সমাজ, সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জিএনএম জোনমণি শইকীয়া আদিয়ে বক্তব্য ৰাখি সুস্থ সমাজ ব্যৱস্থাত মাদক দব্য আৰু ড্ৰাগছৰ কু-প্ৰভাবৰ বিষয়ে ৰাইজক সজাগ কৰে ৷ সভাত সোণাৰি চাপৰি অঞ্চলৰ বহুসংখ্যক সমাজ সচেতন ব্যক্তিৰ লগতে মুহি মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীকে ধৰি শতাধিক লোক উপস্থিত থাকে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি