ষ্টাফ ৰিপৰ্টাৰ, ২৮ ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় জ্ঞানৰ মহোৎসৱত আজি দ্বিতীয় দিনা উদুলি-মুদুলি হৈ পৰিছে কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়৷ দেশ-বিদেশৰ সমল ব্যক্তি, প্ৰতিনিধি, বুদ্ধিজীৱীৰ সমাগম আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিতে জীপাল কৰি তুলিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ৷ উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞানৰ মহোৎসৱ ৷ মহোৎসৱৰ আজি দ্বিতীয় দিনা মহোৎসৱথলীত গুণগত শিক্ষা, ৰোগমুক্ত বিটিআৰ গঠন, কৃষি, স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মানৱ অধিকাৰ, শিশুৰ অধিকাৰ আৰু সুৰক্ষা, মিডিয়া আৰু যোগাযোগ, কলা আৰু সংস্কৃতি আদিকে ধৰি ১০টা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাচক্ৰ তথা কৰ্মশালা অনুষ্ঠিত হয়৷
ইয়াৰে গুণগত শিক্ষাৰ ওপৰত অনুষ্ঠিত আলোচনা-চক্ৰত টাইৱানৰ ভাৰতস্থিত উপ উচ্চায়ুক্ত মুমিন ছেইন, পদ্মশ্ৰী বঁটাপ্ৰাপ্ত অৰণ্য মানৱ যাদৱ পায়েং, বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপকে ধৰি বহুত সমল ব্যক্তি উপস্থিত থাকে৷ মুঠৰ ওপৰত আজি অনুষ্ঠিত প্ৰতিখন আলোচনা-চক্ৰ তথা কৰ্মশালাতে দেশ-বিদেশৰ বিভিন্ন সমল ব্যাক্তিয়ে অংশগ্ৰহণ কৰে। ইপিনে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজিও আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশ লৈ কয় যে জ্ঞানবৰ্ধক সমাজ গঢ়াৰ বাবে, শিক্ষিত সমাজ গঢ়াৰ বাবে, বুদ্ধিদীপ্ত সমাজ গঢ়াৰ বাবে নৱজাগৰণৰ সৃষ্টি হৈছে। ইমান বছৰে আমি ৰাস্তাত ধৰ্ণা দিয়া, আমৰণ অনশন কৰা, অস্ত্ৰ লৈ আন্দোলন কৰা দেখিছিলো। তেতিয়াই অনুভৱ হৈছিল কেনেকৈ বিশ্বৰ লগত খোজত খোজ মিলাই আগবাঢ়িব পাৰো। আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা গৱেষক, সমল ব্যক্তিসকল আহিল। এয়াই হ’ল সেইটো ৰাস্তা যি পথেৰে আমি বিশ্বৰ সতে খোজ মিলাব পাৰো। মুখ্যমন্ত্ৰীয়ে যি বৌদ্ধিক সমাজ গঢ় দিয়াৰ কথা কৈছে সেয়া আমি গুৰুত্ব দিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপ দিবলৈ আমি বন্ধপৰিকৰ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰত বিশ্বগুৰু হোৱাৰ যি সপোন সেয়া বাস্তৱত ৰূপায়ন কৰিবলৈ আমি আগবাঢ়িব লাগিব। ইফালে আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশ লৈ ভাৰতস্থিত টাইৱানৰ উপ-উচ্চায়ুক্ত মুনিয় ছেইনে জ্ঞান মহোৎসৱৰ প্ৰশংসা কৰি বড়োলেণ্ডৰ পৰিৱেশ টাইৱানৰ সতে বহুখিনি একে বুলি মন্তব্য কৰে। জ্ঞান মহোৎসৱে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰিছে টাইৱানৰ মুনিন ছেইনে।
আনহাতে আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ বিশিষ্ট পৰিৱেশবিদ যাদৱ পায়েঙে অংশগ্ৰহণ কৰি পৰিৱেশৰ ভাৰসমতা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। প্ৰকৃতিয়ে প্ৰকৃতিৰ কাম কৰিব বুলি মন্তব্য কৰি খালী থকা ঠাইসমুহত গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। ছাত্ৰ ছাত্ৰীয়ে নিজৰ জন্মতিথিত কেক কটাৰ পৰিৱৰ্তে এজোপা গছপুলি ৰোপণ কৰক আৰু জন্মতিথিত আমন্ত্ৰিত বন্ধ বান্ধৱীক এজোপা কৈ গছপুলি দিয়ক বুলি মন্তব্য কৰি যাদৱ লগতে পাংঙে ফুল এটা চিঙি উপহাৰ দিয়াতকৈ গছপুলি এডাল উপহাৰ দিবলৈ আহ্বান জনায় ৷ যাদৱ পায়েঙে ঘৰ, বিদ্যালয়, কলেজ, উদ্যোগ আদি নিৰ্মান কৰোতে গছ কাটি নিৰ্মান কৰাৰ সলনি ঊৰ্ধমুখী হিচাপে অৰ্থাৎ কেবামহলীয়া বিল্ডিং নিৰ্মান কৰিবলৈ আহ্বান জনাইছে। আনহাতে বিটিআৰৰ সমাজ কল্যান বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ প্ৰমোদ বড়োৰ এক প্ৰশংসনীয় পদক্ষেপ বুলি মন্তব্য কৰি আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱে মানৱ সম্পদ উন্নয়নত সহায়ক হ’ব বুলি উল্লেখ কৰে। আজি ২০০০ অংগনৱাড়ী কৰ্মী আৰু আশাকৰ্মীক লৈ ৰোগ নিৰ্মুল আৰু পুষ্টিক লৈ এক কৰ্মশালা অনুষ্ঠিত হয়, য’ত কেইবাগৰাকী অভিজ্ঞ সমল ব্যাক্তিয়ে অংগনৱাড়ী কৰ্মী আৰু আশাকৰ্মীক নিৰ্দি্ষ্ট বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰে বুলি সদৰী কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। উল্লেখ্য যে কাইলৈও বিভিন্ন বিষয়ৰ ওপৰত আলোচনা-চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ’ব আৰু ২ মাৰ্চত অনুষ্ঠিত হ’ব সামৰণী অনুষ্ঠান ৷ সামৰণী অনুষ্ঠানত বলীউডৰ বিখ্যাত অভিনেতা চনু চুড, ৰাজ্যিক মন্ত্ৰী ড: ৰাজকুমাৰ ৰঞ্জন সিং, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।


প্ৰেৰক শুকুৰ আকন্দ