নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত জিলাভিত্তিত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন

🔹 ৮ অৱসৰপ্ৰাপ্ত স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১২ মে’ : খৈৰাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত ওদালগুৰি জিলা ভিত্তিত আজি এদিনীয়া কাৰ্যসূচীৰে খৈৰাবাৰীত পালন কৰা হয় আন্তৰ্জাতিক ধাত্ৰী দিৱস । আজি ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মদিনটোত খৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত পালন কৰা এই ধাত্ৰী দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰি ধাত্ৰী দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহকুমা চিকিৎসা বিষয়া ডা: অনিল কুমাৰ ডেকাই । ফ্ল’ৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জিলা প্ৰতিষেধক বিষয়া (ওদালগুৰি) ডা: গণেশ চন্দ্ৰ ব্ৰহ্মই । ইয়াৰ পিছতে পুৱা ১১ বজাৰ পৰা চিকিৎসা বিষয়া ডা: বীৰেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান । স্বাস্থ্যখণ্ডত আগবঢ়োৱা নিৰৱচ্ছিন্ন সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা তথা ভাৰত চৰকাৰৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা অৱসৰপ্ৰাপ্ত স্বাস্থ্যকৰ্মী চুৰীয়া বেগমে সভাত নিৰ্দিষ্ট বক্তা ৰূপে ভাগ লৈ এই ক্ষেত্ৰখনত ফ্ল’ৰেন্স নাইটিংগেলে আগবঢ়োৱা সেৱাৰ কথা বৰ্ণনা কৰি কয় যে নিষ্ঠা, সততা, একাগ্ৰতা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াই গ’লে এদিন তাৰ ফল, স্বীকৃতি পোৱা যায়; ফ্ল’ৰেন্স নাইটিংগেলেই ইয়াৰ উদাহৰণ । এনেদৰে নাইটিংগেলৰ আদৰ্শ অনুসৰণ কৰি সেৱা আগবঢ়াই যাবলৈ স্বাস্থ্যকৰ্মীসকলক তেওঁ আহ্বান জনায় । ফ্ল’ৰেন্স নাইটিংগেলেই নাৰ্ছিং প্ৰশিক্ষণৰ বাটকটীয়া আছিল বুলিও তেওঁ উল্লেখ কৰে । খৈৰাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ‌ বি ডি এম হাফিজুৰ ৰহমান চৌধুৰীয়ে আঁত ধৰা এই সভাত স্বাস্থ্য বিষয়া ডা: ধীৰাজ কলিতা, জিলা আঁচনি সমন্বয়ক চিৰিল মুছাহাৰী, খণ্ড আঁচনি সমন্বয়ক অৰ্চনা চহৰীয়া, খণ্ড গাণনিক প্ৰবন্ধক ভাৰ্জিল শৰ্মা, জিলা আঁচনি প্ৰবন্ধক জয়দীপ ৰয়, জিলা কমিউনিটী মবিলাইজাৰ সঞ্জীৱ কুজুৰ, জিলা ডাটা মেনেজাৰ মুনজ্যোতি কাশ্যপকে ধৰি জিলাখনৰ ভালেসংখ্যক স্বাস্থ্য বিষয়া-কৰ্মচাৰীৰ লগতে ওৰাং, ওদালগুৰি আৰু খৈৰাবাৰী স্বাস্থ্যখণ্ডৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। উল্লেখ্য যে গীত-মাত, নৃত্য, কথাৰে জীপাল হৈ পৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে জিলাখনৰ ৮গৰাকী অৱসৰপ্ৰাপ্ত স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সুদীৰ্ঘ কাল স্বাস্থ্যখণ্ডত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা স্বাস্থ্যকৰ্মী অনুলতা ৰাভা (খৈৰাবাৰী), ক্লেমেনচিয়া বাৰা (ওদালগুৰি), সত্যপ্ৰিয়া হাজৰিকা (ওদালগুৰি ), ক্ষীৰদা বৰা (ওদালগুৰি), মীৰা দৈমাৰী (টংলা), ইলা ডেকা (খৈৰাবাৰী), জয়ন্তী বড়ো (খৈৰাবাৰী) আৰু চিলন্তী লগুনক (ওৰাং) সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ আৰু এটি স্মাৰকেৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ওদালগুৰি জিলা এ এন এম/ এল এইচ এছ সেৱা সন্থা আৰু খৈৰাবাৰী খণ্ড স্বাস্থ্যকেন্দ্ৰই । উল্লেখযোগ্য যে আড়ম্বৰপূৰ্ণ ব্যৱস্থাপনাৰে জিলা ভিত্তিত আয়োজন কৰা এই ধাত্ৰী দিৱসৰ মুকলি সভা আৰম্ভ কৰা হয় মনপৰশা এটি বৃন্দগানেৰে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like