নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবীত গোলাঘাটত অসমীয়া যুৱ মঞ্চৰ মুণ্ডন

বাৰ্তা ব্যুৰো, ২৯ মেঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ঘটনাৰ উচিত তদন্তৰ দাবীৰে আজি গোলাঘাট নগৰৰ মাজমজিয়াত অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে। মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ কৰা যুৱ মঞ্চৰ শতাধিক সদস্যই বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্ত মুলক শাস্তি প্ৰদন কৰিবলৈ দাবী জনায়। চি আই ডি তদন্তৰ নামত ভেঁকোভাওনা বন্ধ কৰি চিবিআইৰ তদন্তৰে দোষীক চিনাক্ত কৰিবলৈ দাবী জনায় সংগঠনটোৱে। এই প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাট জিলা সমিতিৰ সভাপতি পৰেশ হাজৰিকা, সচিব প্ৰধান আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিৱ সঞ্জীৱ হাজৰিকা, প্ৰচাৰ সচিৱ সঞ্জয় চক্ৰৱৰ্ত্তী উপস্থিত থাকে।
প্ৰেৰক সমীৰণ দিগন্ত
You might also like