নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ আই পি এলৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এতিয়া আই পি এলৰ ব্ৰেণ্ড ভেলু প্ৰায় ৬ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে আই পি এল বিশ্বৰ আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ হিচাপে পৰিগণিত হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই পি এলৰ ব্ৰেণ্ড মূল্য ৬.৩ শতাংশ বৃদ্ধি পাইছে। আচলতে যোৱা বছৰ আই পি এলৰ বজাৰ মূল্য আছিল ৮৭,০০০ কোটি টকা, যিটো এতিয়া ৯২,৫০০ কোটি টকালৈ উন্নীত হৈছে। একে সময়তে আমেৰিকাৰ নেচনেল ফুটবল লীগৰ ব্ৰেণ্ড মূল্য ১১.২ বিলিয়ন ডলাৰ। যদি আই পি এল দলৰ কথা চোৱা হয় তেন্তে মুম্বাই ইণ্ডিয়ানছৰ মূল্য শীৰ্ষত আছে। ইয়াৰ পিছত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছ। আনহাতে তিনি নম্বৰত আছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এইবাৰ মুম্বাই ইণ্ডিয়ানছ ৪১০-৪৫ কোটি ডলাৰেৰে শীৰ্ষত আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সম্প্ৰচাৰৰ অধিকাৰৰ পৰা আইপিএলে যথেষ্ট লাভৱান হৈছে। ইয়াৰ বাহিৰেও গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ আগমনৰ পিছত আই পি এলৰ বজাৰ বৃদ্ধি পাইছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ফ্ৰেঞ্চাইজীৰ বাবে ৭,০৯০ কোটি টকা ব্যয় কৰাৰ বিপৰীতে গুজৰাট টাইটানছৰ ফ্ৰেঞ্চাইজীৰ বাবে ৫,৬২৫ কোটি টকা ব্যয় কৰিবলগীয়া হৈছিল। উল্লেখযোগ্য যে আই পি এলৰ মিডিয়া ৰাইটৰ পৰা বি চি চি আইয়ে বহু উপাৰ্জন কৰিছিল। টেলিভিছন আৰু ডিজিটেল ৰাইটৰ বাবে নিলামৰ জৰিয়তে বিচিচিআইয়ে লাভ কৰে ৪৮,৩৯০ কোটি টকা। ভায়াকম-১৮-এ ২০,৫০০ টকাত ক্ৰয় কৰিছিল এই ডিজিটেল ৰাইটছ। একে সময়তে আই পি এলৰ টেলিভিছন অধিকাৰৰ বাবে নিলামত জয়লাভ কৰে ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কে। আচলতে আই পি এলৰ টেলিভিছন ৰাইট আৰু ডিজিটেল ৰাইটৰ বাবে এইবাৰ পৃথক পৃথক নিবিদা দিয়া হৈছে।

You might also like