পাকিস্তান বধত আফগান বাহিনীৰে নৃত্য ইৰফানৰ
বিশেষ বাৰ্তা, ২৪ অক্টোবৰঃ ইংলেণ্ডৰ পিছত পাকিস্তানক হৰুৱাই চলিত বিশ্বকাপত দ্বিতীয়টো অঘটন ঘটালে আফগানিস্তানে৷ এই বিজয়ৰ পিছতে আফগানসকলে আনন্দত মতলীয়া হৈ নৃত্য কৰে৷ বাবৰ আজমহঁতৰ পৰাজয়ৰ পিছত দেখা গ’ল এক অদ্ভুত দৃশ্য৷ ৰছিদ খানৰ সৈতে খেলপথাৰতে নৃত্য কৰা দেখা গ’ল ইৰফান পাঠানক৷ বিশ্বকাপত ধাৰাভাষ্য দিছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে৷ আফগানসকলৰ হাতত পাকিস্তান বধ প্রত্যক্ষ কৰি নিজকে চম্ভালিব নোৱাৰিলে তেওঁ৷ ৰোমাঞ্চকৰ মেচখনৰ উছাহত উটিভাঁহি গ’ল ইৰফানো৷ চেন্নাইৰ স্পিন সহায়ক উইকেটত আফগানিস্তানৰ বিৰুদ্ধে খেলাক লৈ আৰম্ভণিতেই আপত্তি দর্শাইছিল পাকিস্তানে৷ কাৰণ বিপক্ষ দলত আছিল ৰছিদ খান, মুজিবউৰ ৰহমান, নবীহঁতৰ দৰে বলাৰ৷ সেই আতংকই অৱশেত সঁচা প্রমাণিত হ’ল৷ অৱশ্যে কেৱল স্পিন বলিঙেৰেই নহয়, দলগত প্রদর্শনৰ বাবেহে বাজিমাত কৰে আফগানিস্তানে৷ এদিনীয়া ক্রিকেটত প্রথমবাৰৰ বাবে পাকিস্তানক পৰাজিত কৰে ৰছিদৰ দলটোৱে৷
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক