নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়াৰ চলচ্চিত্ৰ মহোৎসৱলৈ ৰাজেন দাসৰ ‘আইৰন গাৰ্লছ’

🔹 খিলঞ্জীয়াৰ সাংস্কৃতিক শিপাৰ সন্ধানত বিশ্ব চলচ্চিত্ৰৰ মহাসন্মিলন

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : অসমৰ স্বৰ্ণিল লোকশিল্প ওজাপালি-দেওধনী নৃত্যৰ প্ৰসাৰৰ বাবে অধ্যাপক-পৰিচালক ৰাজেন দাসে পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ সুদূৰ নাইজেৰিয়াৰ ৰিভাৰ্ছ ষ্টেট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে৷ নাইজেৰিয়াৰ গুৰুত্বপূৰ্ণ ৰিভাৰ্ছ ষ্টেটৰ ৰাজধানী চহৰ পোৰ্ট হাৰকোৰ্টত এই চলচ্চিত্ৰ মহোৎসৱ অহা ২৪ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ অনুষ্ঠিত হ’ব৷ নাইজেৰিয়াৰ ৰিভাৰ্ছ ষ্টেট চৰকাৰৰ সৌজন্যত আৰু নাইজেৰিয়াৰ কৰ্প’ৰেচন এফেয়াৰ্ছ কমিছনৰ পঞ্জীয়নভুক্ত খিলঞ্জীয়াৰ ঐক্যবদ্ধ সন্মিলন ডেচগ’ল এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডৱাইডৰ  উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক শিপাৰ সন্ধান কৰা, বিনিময় কৰা আৰু নৱপ্ৰজন্মৰ চিনে নিৰ্মাতাক শৈক্ষিক উত্তৰণেৰে সবল কৰা ৷ সেই উদ্দেশ্যত মহোৎসৱলৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰেৰণ কৰা ২০৩০খন চলচ্চিত্ৰৰ মাজৰ পৰা ১২৭খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ৷ ইয়াৰ ভিতৰত অসমৰ পৰা ৰাজেন দাস পৰিচালিত “আইৰন গাৰ্লছ“ নিৰ্বাচিত হোৱাটো ৰাজ্যৰ চলচ্চিত্ৰ জগত তথা অসমবাসীৰ বাবে এক আনন্দৰ খবৰ হিচাপে বিবেচিত হৈছে৷ নাইজেৰিয়াৰ ৰিভাৰ্ছ ষ্টেটৰ ৰাজধানী চহৰ তথা গাৰ্ডেন চিটী হিচাপে খ্যাত পোৰ্ট হাৰকোৰ্টৰ ৱাবিয়ালি কালচাৰেল চেণ্টাৰ আৰু পোৰ্টলেণ্ড ৰিচ’ৰ্ট লাক্সাৰী চিনেমাত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত চলচ্চিত্ৰৰ লগতে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব৷ ইতিমধ্যে নাইজেৰিয়া ৰিভাৰ্ছ ষ্টেটৰ গৱৰ্নৰ চিমিনালায়ী ফুবাৰাই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে আয়োজকসকলৰ সৈতে মহোৎসৱৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ বাৰ্তালাপত মিলিত হোৱাৰ খবৰ ফেষ্টিভেল ডাইৰেক্টৰ কেটে এজাইগবোৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷ গৱৰ্নৰগৰাকীয়ে মহোৎসৱৰ প্ৰতীকপটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ জানিব পৰা মতে, কাৰ্যত: এই চলচ্চিত্ৰ মহোৎসৱ হ’ব বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক মহাসন্মিলন৷ এই মহোৎসৱলৈ ভাৰতৰ এয়াৰটেল, কলগেট, কেল’গছ আদিকে ধৰি কেইবাটাও বহুজাতিক সংস্থাই এছ’চিয়েট পাৰ্টনাৰ হিচাপে সহযোগিতা আগবঢ়াইছে৷ মহোৎসৱলৈ আমন্ত্ৰিত হোৱা সন্দৰ্ভত “আইৰন গাৰ্লছ“ৰ পৰিচালক ৰাজেন দাসে কয়- “নিঃসন্দেহে এয়া এক ভাল খবৰ৷ খিলঞ্জীয়াৰ সাংস্কৃতিক ঐতিহ্যক উজলাই তোলা এনে এক মহোৎসৱত আমি অসমৰ ওজাপালি-দেওধনী নৃত্যক উলিয়াই নিব পৰাটো এক ঐতিহাসিক মুহূূৰ্ত৷ বিশ্বৰ ইমানসংখ্যক চলচ্চিত্ৰৰ মাজৰ পৰা আমি নিৰ্বাচিত তালিকাত থকাটোৱেই আমাৰ সাংস্কৃতিক ঐতিহ্যৰ মহত্ত্ব প্ৰকট কৰিছে৷ ইয়াৰ এক সামান্য অংশীদাৰ হ’বলৈ সুযোগ লাভ কৰি আমি কৃতাৰ্থ, আনন্দিত“৷ উল্লেখ্য যে চলচ্চিত্ৰ মহোৎসৱ কৰ্তৃপক্ষৰ সঞ্চালক কেটে এজাইগবোৱে “আইৰন গাৰ্লছ“ মহোৎসৱলৈ নিৰ্বাচিত হোৱা তথ্য জনাই তথা স্ক্ৰীনিঙৰ বাবে আমন্ত্ৰণ জনাই যোগদানৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ পৰিচালক ৰাজেন দাসলৈ প্ৰেৰণ কৰিছে৷ মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তিনি সহস্ৰাধিক চলচ্চিত্ৰ নিৰ্মাতা তথা প্ৰতিনিধি সমৱেত হ’ব বুলি মহোৎসৱ কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে৷

প্ৰেৰক উৎপল মেধি 

You might also like