নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রেণ্ডেড চাউল খোৱা মধ্যবিত্তৰহে সমস্যা হৈছে, দুখীয়া–সর্বসাধাৰণৰ হোৱা নাই

🔹 দামবৃদ্ধিক লৈ যোগান মন্ত্রী ৰঞ্জিত দাসৰ আজব মন্তব্য
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : নিত্য–ব্যৱহার্য সামগ্রীৰ দাম বৃদ্ধিক লৈ সদায়ে টুলুঙা মন্তব্য কৰি অহাত পাকৈত ব্যক্তিৰূপে পৰিচিত ৰাজ্যৰ যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাসে এইবাৰ চাউলৰ দাম বৃদ্ধিক লৈও আজব মন্তব্য কৰিছে৷ মন্ত্রী দাসে কয় যে যিসকল মধ্যবিত্তই ব্রেণ্ডেড চাউল খায় তেওঁলোকৰহে সমস্যা হৈছে৷ দুখীয়া, সর্বসাধাৰণ ৰাইজৰ কোনো অসুবিধা হোৱা নাই৷ ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে চৰকাৰে ৮৪ শতাংশ মানুহক মাহেকত ৩৫ কিলোগ্রামকৈ চাউল যোগান ধৰি আহিছে৷ সেয়ে দুখীয়া, সর্বসাধাৰণ ৰাইজৰ কোনো অসুবিধা হোৱা নাই৷ তদুপৰি কৃষকৰ পৰা ধান ক্রয়ৰ ন্যূনতম সমর্থন মূল্যও চৰকাৰে প্রতিবছৰে বৃদ্ধি কৰি আহিছে৷ ১,২০০ৰ পৰা ১,৩০০ টকাকৈ প্রতি কুইণ্টল ধান বিক্রী হৈছে৷ যোৱা বছৰ চৰকাৰে প্রতি কুইণ্টল ধান ২,০৪০ টকাত ক্রয় কৰিছে৷ এইবাৰ প্রতি কুইণ্টল ধান ২,১৮৩ টকাত ক্রয় কৰিব৷ ধানৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত চাউলৰ দাম স্বাভাৱিকতে বাঢ়িছে৷ অৱশ্যে চৰকাৰে চাউলৰ দাম যাতে বৃদ্ধি নহয় তাৰ বাবে পদক্ষেপ লোৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী দাসে কয় যে যোগান আৰু চাহিদাৰ ওপৰত দাম বৃদ্ধি নির্ভৰ কৰে৷ ভাৰত চৰকাৰে সমগ্র বিশ্বতে চাউলৰ চাহিদাৰ ৩০ শতাংশ ৰপ্তানি কৰে৷ দেশত যিহেতু চাউলৰ চাহিদা আছে তাৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ইতিমধ্যে চাউল ৰপ্তানি বন্ধ কৰি দিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে সদায়ে কাম কৰি আহিছে৷ তাৰ প্রতি লক্ষ্য ৰাখি অৰুণোদয় হিতাধিকাৰীসকলক শেহতীয়াকৈ প্রতিমাহে বিদ্যুৎ মাচুলৰ বাবদ ২৫০ টকাকৈ আদায় দিয়াৰ ব্যৱস্থা কৰিছে৷

You might also like