নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ পথাৰত কাতি মাহতে আঘোণৰ ব্যস্ততা

🔹 সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : এতিয়া কাতি মাহ। কাতিমহীয়া পথাৰৰ পকা ধানে ৰিঙিয়াই মাতিছে ঢকুৱাখনাৰ কৃষকক। কাতিৰ পথাৰত আঘোণৰ সুবাস। আঘোণ আঘোণ লগা পৰিৱেশ কৃষিপথাৰত। পথাৰৰ পকা ধানে ৰিঙিয়াই মাতিছে। আঘোণলৈ এতিয়াও কেইটামান দিন বাকী।কিন্তু এতিয়া কাতি মাহতেই ঢকুৱাখনাৰ পথাৰত আঘোণৰ বৰণ। পথাৰত আঘোণৰ বৰণ মানেই সোণালী বৰণ। পথাৰত সোণালী ধাননি। কাতিমহীয়া পথাৰত জিলিকিছে সোণগুটি। পকা ধানৰ আমোলমোল গোন্ধই মতলীয়া কৰিছে কৃষকৰ মন-প্ৰাণ। আঘোণৰ প্ৰাকক্ষণত এতিয়া ঢকুৱাখনাৰ পথাৰে পথাৰে দেখা গৈছে উছাহৰ ধল। কাতি মাহতেই ঢকুৱাখনাৰ বিস্তীৰ্ণ পথাৰত সোণালী হৈছে ধাননি। আঘোণৰ পূৰ্বেই সোণোৱালী শইচ চপোৱাত ব্যস্ত দাৱনী। ঢকুৱাখনাৰ মিচিং বসতিপ্ৰধান অঞ্চলসমূহৰ পথাৰত এতিয়া ধান পকিল। উল্লেখ্য যে ঢকুৱাখনাৰ পূব ঢকুৱাখনা, খেৰকতা, মাতমৰা, দাংধৰা আদি মিচিং বসতিপ্ৰধান অঞ্চলসমূহত কৃষক ৰাইজে অতীজৰে পৰা নিজা প্ৰচেষ্টাৰে কৰি আহিছে আইজোং,বাহাদুৰ, বাসন্তী,মালা, ৰাধিকা আদি উন্নতজাতৰ আগতীয়া ধানৰ খেতি। এইসমূহ অঞ্চলৰ পথাৰে পথাৰে এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। পুৱাতেই শোৱাপাটী এৰি আনন্দ-উল্লাসৰ মাজেদি পথাৰলৈ পকাধান চপাবলৈ ঢপলিয়াই আহিছে পুৰুষ-মহিলা। দাৱনীসকলৰ হাঁহি–খিকিন্দালিৰে মুখৰিত হৈ পৰিছে বিস্তীৰ্ণ পথাৰ। ঢকুৱাখনাৰ ভিন্ন প্ৰান্তৰ পথাৰত ব্যস্ত হৈ পৰিছে জাক জাক দাৱনী। পুৰুষ-মহিলাই আনন্দ-উল্লাসৰ মাজেৰে চপাইছে ধান। ঢকুৱাখনাৰ পথাৰত এইবাৰ ভাল হৈছে ধান। ৰ’দত জিলিকিছে সোণোৱালী সোণগুটি।কাতিতেই হওক বা আঘোণতেই হওক, ধান পকিলেই গান ওলায় কৃষকৰ মুখেৰে। ধান আৰু গান যেন একাকাৰ তাহানিৰে পৰা। কাতি মাহৰ প্ৰখৰ ৰ’দতো মিচিং জনগোষ্ঠীৰ মহিলাসকলে ঐনিতম গাই আনন্দ-স্ফূৰ্তিৰে শাওণৰ ভাগৰ আতঁৰাইছে। পথাৰত ধান দাই থকাৰ মাজতেই দাৱনীসকলে জুতি লৈছে জনগোষ্ঠীটোৰ পৰম্পৰাগত পানীয় পৰ:আপুং, ন:গিন আপুঙৰ।আন কোনোবা ব্যস্ত পথাৰৰ নৰাৰ মাজত বহি জলকীয়াৰে ৰবাব টেঙা, চকলা টেঙা খোৱাত । কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ, অথচ বুকুত অপাৰ আনন্দ। দাৱনীসকলৰ হাঁহি–খিকিন্দালিৰে মুখৰিত হৈ পৰিছে বিস্তীৰ্ণ পথাৰ। হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰজোৰা সপোনবোৰ। দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰি বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষসকল। আঘোণলৈ কেইটামান দিন বাকী থকা অৱস্থাত ঢকুৱাখনাৰ পথাৰে পথাৰে এতিয়া দেখা গৈছে চহা কৃষকৰ উছাহৰ ধল।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like