নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমবাসীৰ মৰম–চেনেহে টকিঅ’ত মোক উৎসাহিত কৰিছিল

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অসমবাসীৰ মৰম–চেনেহ আৰু উৎসাহ–উদ্দীপনাই টকিঅ’ অলিম্পিকৰ ৰিঙত অনুপ্রাণিত কৰিছিল অসম কন্যা লাভলীনা বৰগোহাঁইক৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত পদক জয়েৰে অসমৰ ক্রীড়া ইতিহাসক ধন্য কৰা উদীয়মান বক্সাৰগৰাকীয়ে আজি গৃহভূমিলৈ উভতি এই কথা স্মৰণ কৰে৷ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত অসম চৰকাৰে আয়োজন কৰা সম্বর্ধনা অনুষ্ঠানত অসম গৌৰৱ লাভলীনাই কয় যে টকিঅ’লৈ যোৱাৰে পৰা তেওঁ অসমবাসীৰ পৰা অভূতপূর্ব মৰম–চেনেহ লাভ কৰিছে৷ ৰাজ্যবাসীৰ এই মৰম–চেনেহ আৰু আশীর্বাদে তেওঁক টকি’ত পদক জয় কৰিবলৈ প্রতিটো মুহূর্ততে উৎসাহিত কৰিছিল৷ ইয়াৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰি লাভলীনা আজি আৱেগিক হৈ পৰে৷

‘সকলোৱে মোৰ সাফল্যৰ বাবে প্রার্থনা কৰিছিল, টকিঅৰ পৰা মই পদক কঢ়িয়াই আনিম বুলি আশাৰে বাট চাইছিল৷ তেওঁলোকৰ ওচৰত মই ক্ষমাপ্রার্থী৷ এইবাৰ মই অলিম্পিকৰ পৰা সোণৰ পদক আনিব নোৱাৰিলোঁ৷ কিন্তু ২০২৪ৰ পেৰিছ অলিম্পকৰ পৰা দেশলৈ পদক কঢ়িয়াই আনিম বুলি আপোনালোকক কথা দিলোঁ৷ আপোনালোকৰ মৰম–চেনেহে মোক টকিঅ’ৰ বক্সিং ৰিঙত উৎসাহিত কৰিছিল৷ সোণৰ পদক জয় কৰিব নোৱাৰিলেও দেশৰ বাবে পদক কঢ়িয়াই আনি মই অত্যন্ত সুখী৷’ –লাভলীনাই এইদৰে কয়৷ এই ঐতিহাসিক সাফল্যৰ বাবে পিতৃ–মাতৃ আৰু প্রশিক্ষকৰ ওচৰত বিশেষভাৱে কৃতজ্ঞতা ব্যক্ত কৰি গোলাঘাটৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে কয় যে কেৰিয়াৰৰ আৰম্ভণিতে পিতৃ–মাতৃৰ সহায় অবিহনে তেওঁ আজি এই সফলতাৰ কাষ চাপিব নোৱাৰিলেহেঁতেন৷ ‘সৰুৰে পৰা মই মা–দেউতাহঁতৰ সংগ্রাম দেখিছিলোঁ৷ সংগ্রাম সত্ত্বেও তেওঁলোকে মোৰ কেৰিয়াৰ আগুৱাই নিয়াত অকণো পিছহোঁহকা নাছিল৷ তেওঁলোকৰ সহায় অবিহনে মই অলিম্পিকত পদক জয় কৰাটো সম্ভৱ নহ’লহেঁতেন৷ মই তেওঁলোকৰ সংগ্রামৰ সমভাগী হ’ব পৰা নাছিলোঁ৷ কিয়নো শৈশৱৰে পৰা মোৰ লক্ষ্য আছিল অলিম্পিকত পদক জয় কৰা৷ মই আশা কৰিছোঁ যে এতিয়া মোৰ মা–দেউতাৰ সংগ্রামৰ অন্ত পৰিব৷ আগন্তুক দিনতো মই তেওঁলোকক গৌৰৱান্বিত কৰিব বিচাৰোঁ৷’ ২৩ বছৰীয়া বক্সাৰগৰাকীয়ে এইদৰে কয়৷

আনহাতে, ভৱিষ্যতলৈ অসমৰ পৰা আৰু অধিক অলিম্পিয়ান সৃষ্টি হোৱাটো বিচাৰে বুলি উল্লেখ কৰি লাভলীনাই পুনৰ কয় যে অসমৰ গাঁও অঞ্চল প্রতিভাৰে ভৰি আছে৷ এই প্রতিভাসমূহক উলিয়াই আনিব পাৰিলে ভৱিষ্যতলৈ অসমৰ পৰা অধিক দক্ষ খেলুৱৈ সৃষ্টি হ’ব৷ অসমৰ যুৱ প্রজন্মই ক্রীড়াক কেৰিয়াৰ হিচাপে গ্রহণ কৰা উচিত আৰু অভিভাৱকসকলেও এইক্ষেত্রত নিজৰ সন্তানক সহযোগ আগবঢ়াব লাগে বুলিও অলিম্পিকত ব্রঞ্জৰ পদক অর্জন কৰা মহিলা বক্সাৰগৰাকীয়ে প্রকাশ কৰে৷ তেওঁ কয় যে অসমক ক্রীড়াৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ গ্রামাঞ্চলৰ প্রতিভাসমূহ উলিয়াই অনাটো অত্যন্ত প্রয়োজন৷ উত্তৰ–পূর্বাঞ্চলৰ খেলুৱৈয়ে আজি অলিম্পিককে ধৰি বিশ্বৰ প্রতিখন বৃহৎ প্রতিযোগিতাত সাফল্য অর্জনেৰে দেশবাসীক গৌৰৱান্বিত কৰিছে৷

অসমৰ বহুসংখ্যক খেলুৱৈ শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটলৈ আগুৱাই আহিছে৷ অসম চৰকাৰেও ক্রীড়াৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ মন কৰিবলগীয়া যে অলিম্পিকত পদক জয় কৰা অসমৰ প্রথমগৰাকী ক্রীড়াবিদ হিচাপে ইতিহাস ৰচা লাভলীনা বৰগোহাঁয়ে আজি পুৱা নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয়৷ বিয়লি তেওঁক অসম চৰকাৰৰ তৰফৰ পৰা বিপুল সম্বর্ধনা জ্ঞাপন কৰা হয়৷ এই অনুষ্ঠানত মনৰ ভাব ব্যক্ত কৰি বাৰে বাৰে লাভলীনা আৱেগিক হৈ পৰা পৰিলক্ষিত হয়৷ গৃহভূমিত উপস্থিত হৈ তেওঁ আৱেগ নিয়ন্ত্রণ কৰিব পৰা নাই বুলি বক্সাৰগৰাকীয়ে উল্লেখ কৰে৷ এদিনৰ বাবে গৃহভূমিলৈ অহা অসমৰ উদীয়মান তাৰকাগৰাকী কাইলৈ দিল্লীলৈ উভতি যাব৷ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত অংশ লৈ লাভলীনা ১৭ আগষ্টত পুনৰ গৃহভূমি অসমলৈ আহিব আৰু বৰপথাৰস্থিত নিজ বাসগৃহত উপস্থিত হ’ব৷

You might also like