নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বহাগৰ অন্তিম দিনটোত বসন্তৰ এসন্ধ্যা

বকোৰ কল্যানী হস্পিতাল-বকো পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ উদ্যোগ

নিয়মীয়া বাৰ্তা, ১৫ মে’ : কামৰূপ জিলাৰ বকোত ৩১ বহাগ মUলবাৰে ‘বসন্তৰ এসন্ধ্যা কাৰ্যসূচী’ শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত হয়। বকোৰ কল্যানী হস্পিতাল আৰু বকো পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ উদ্যোগত এই কাৰ্যসূচী। কল্যানী হস্পিতালৰ স্বতাধিকাৰী ড° অমিয়া ৰাভা আৰু বকো পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ স্বত্বাধিকাৰী ড° নেভিল চণ্ডীৰ যৌথ প্ৰচেষ্ঠাত বহাগী বিদায় উপলক্ষে অনুষ্ঠিত হয় এই কাৰ্যসূচী। বহাগী বিদায় উপলক্ষে আয়োজিত এই কাৰ্যসূচীত চিকিৎসালয় দুয়োখনৰ সকলো বিষয়ববীয়া কৰ্মচাৰীৰ লগতে বকো অঞ্চলৰ বিভিন্নজন বিশিষ্ট জ্যেষ্ট ব্যক্তি, বকোৰ সংবাদকৰ্মীসকলৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। ‘বসন্তৰ এসন্ধ্যা কাৰ্যসূচী’ ৰ সাংস্কৃতিক মঞ্চ মুকলি কৰে বকোৰ জ্যেষ্ঠ সমাজকৰ্মী হৰেন্দ্ৰ কুমাৰ দেৱে। মঞ্চ মুকলিৰ পিছতে সাংস্কৃতিক মঞ্চত আমন্ত্ৰিত বিহু হুচৰি দলে বিহু হুচৰি পৰিৱেশন কৰে।ইয়াৰ পিছতে বকোৰ বহুকেইজন বিশিষ্ট, জ্যেষ্ঠ সমাজকৰ্মী, সংবাদকৰ্মীক কল্যানী হস্পিতেলৰ স্বতাধিকাৰী ড° অমিয়া ৰাভাই সাংস্কৃতিক মঞ্চত অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। Fয়াৰ লগতে কল্যানী হস্পিতেলৰ তৰফৰ পৰা শিল্পী সংবাদকৰ্মী আৰু দুখীয়া জনসাধাৰণক অতি কম খৰচত চিকিৎসাসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে “কল্যানী স্বাস্থ্য সুৰক্ষা আচনি” আৰু দুখীয়া মহিলাৰ কম খৰচত প্ৰসৱৰ বাবে “মাতৃ শিশু কল্যান আচনি” নামেৰে দুখনকৈ জনকল্যানমূলক আচনি ৰাইজৰ বাবে মুকলি কৰা হয়।কল্যানী হস্পিতেলৰ স্বতাধিকাৰী ড° অমিয়া ৰাভাৰ উপস্থিতিত “মাতৃ শিশু কল্যান আচনি” খন মুকলি কৰে বকো বি এড মহাবিদ্যালয়ৰ অধ্যক্ষ্য ড° গধেশ্বৰ চহৰীয়াই লগতে “কল্যানী স্বাস্থ্য সুৰক্ষা আঁচনি” খন মুকলি কৰে সমাজকৰ্মী ভীষ্ম ৰাভাই।” কল্যানী স্বাস্থ্য সুৰক্ষা আঁচনি”খন মুকলি কৰাৰ লগে লগে স্বতাধিকাৰী ড° অমিয়া ৰাভাই আঁচনিখনৰ প্ৰথমখন কাৰ্ড বিতৰণ কৰে সাংবাদিক গোবিন্দ দলৈ দেৱক। ইয়াৰ পিছতে নিশালৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।বকোৰ কল্যানী হস্পিতাল আৰু বকো পলিক্লিনিক এণ্ড ৰিচাৰ্ছ চেণ্টাৰে বিশেষকৈ শিল্পী, সংবাদকৰ্মী আৰু সমাজ সেৱক সকল তথা তেওঁলোকৰ পৰিয়ালৰ বাবে লোৱা এই “কল্যানী স্বাস্থ্য সুৰক্ষা আচনি” খনে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব বুলি সমাজ সচেতন ব্যক্তি সকলে ব্যক্ত কৰিছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like