নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত বিজেপিৰ বিশাল সভাঃ উপস্থিত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। আজি বৰাক উপত্যকাৰ শিলচৰ বিজেপিৰ বিশাল জনসভাৰ আয়োজন কৰা হয়।

এই সভাত ৰাজ্যিক নেতৃত্বৰ উপৰি উপস্থিত থাকে কেন্দ্ৰীয় বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা আৰু সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা জে পি নাড্ডাক বিশাল আয়োজনৰ মাজেৰে স্বাগতম জনায় ৰাজ্যিক বিজেপিয়ে। শিলচৰৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এই সভাত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাসকে ধৰি মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী তথা আন নেতাসকল উপস্থিত থাকে।

উল্লেখ্য ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আগমনৰ পিছতে অসমত বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক কাৰ্যসূচী একপ্ৰকাৰ আৰম্ভ হ’ল বুলি ক’ব পাৰি।

You might also like