নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰুষ্কাৰ ঘৰলৈ আহিল লক্ষ্মীঃ মুম্বাইৰ হাস্পতালত দুপৰীয়া জন্মলাভ সন্তানৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ পিতৃ হ’ল বিৰাট কোহলি। কন্যা সন্তান জন্ম দিলে অনুষ্কা শৰ্মাই। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত আজি দুপৰীয়া জন্মলাভ কৰে বিৰাট-অনুষ্কাৰ কন্যা সন্তাটি।

সন্তানপ্ৰাপ্তিৰ পিছতে বিৰাটে টুইটযোগে সকলোকে সদৰী কৰে এই কথা।

টুইটাৰত তেওঁ লিখে- ‘আমি দুয়োৱে জনাবলৈ পাই সুখী হৈছো যে আজি দুপৰীয়া আমাৰ এক কন্যা সন্তান জন্ম হৈছে। আমি আপোনালোকৰ মৰম আৰু মংগল কামনাৰ বাবে কৃতাৰ্থ প্ৰকাশ কৰিলো। অনুষ্কা আৰু কেঁচুৱা দুয়োৱে সম্প্ৰতি ভালে আছে।’

You might also like