নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমিৰ পৰা উচ্ছেদ বেদখলকাৰী

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ছিপাঝাৰৰ ধলপুৰৰ শিৱ মন্দিৰৰ ১৮০ বিঘাত মাটিত চলা বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় প্ৰশাসনে। চৰ-চাপৰি অঞ্চলৰ একাংশ লোকে ধলপুৰৰ উক্ত ১৮০ বিঘা মাটিত ঘৰ-দুৱাৰ সাজি দখল কৰি আছিল।

এই সম্পৰ্কে স্থানীয় ওচৰ-চুবুৰীয়া লোকে মন্দিৰৰ ভূমি বেদখল নকৰিবলৈ আহ্বান জনাইছিল যদিও বেদখলকাৰীয়ে এই কথাক কোনো গুৰুত্ব দিয়া দেখা যোৱা নাছিল। স্থানীয় লোকৰ ভাষ্য মতে, ইয়াত আগতেও উচ্ছেদ অভিযান চলিছিল যদিও পুনৰ বেদখল কৰিছিল ভূমিত।

ইয়াৰ পিছত আজি পুনৰ উচ্ছেদ চলোৱা হয়। এইক্ষেত্ৰত স্থানীয় লোকে প্ৰশাসনক মন্দিৰৰ মাটি পুনৰ বেদখলৰ ধাৰাবাহিকতা বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

You might also like