নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অতুল বৰাই ৰাইজক পতিয়ন নিয়াব নোৱাৰিহে অজাপক সমালোচনা কৰিছে’

সুৰেখা চিঞাহী বিতর্কঃ অগপ সভাপতিক উভতি ধৰিলে জগদীশ ভূঞাই

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হোৱা অসম জাতীয় পৰিষদক (অজাপ) লৈ শেহতীয়াকৈ সৰৱ হৈ পৰা অগপ সভাপতি অতুল বৰাক এইবাৰ উভতি ধৰিলে নতুন ৰাজনৈতিক দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই৷ বুধবাৰে দেৰগাঁৱত অতুল বৰাই অসম জাতীয় পৰিষদক সুলেখা–সুৰেখা চিঞাহীৰ সৈতে তুলনা কৰি সমালোচনাত সৰৱ হৈ পৰিছিল৷ বৃহস্পতিবাৰে অগপ সভাপতিগৰাকীক উভতি ধৰি জগদীশ ভূঞাৰ মন্তব্য– ৰাইজক পতিয়ন নিয়াবলৈ নিজেই কি কৰিব, তাক লৈ বিভ্রান্ত৷ তেওঁলোকে ৰাইজক পতিয়ন নিয়াব নোৱাৰি অজাপৰ নাম লৈ গালি–গালাজ আৰম্ভ কৰিছে৷ কিন্তু আমাৰ তেনেধৰণৰ কাম–কাজক লৈ সময় নাই৷ অজাপ সাংগঠনিক কাম–কাজক লৈ ব্যস্ত৷ এক সংগ্রামী সত্তাৰ হাতত ক্ষমতা অর্পণ কৰিবলৈ আমি ৰাইজক আহ্বান জনাম৷ গতিকে এই সময়ত আমাৰ হাতত ব্যক্তিগত আক্রমণ কৰাৰ বাবে সময় নাই৷

উল্লেখ্য যে বুধবাৰে অগপ সভাপতি অতুল বৰাই অজাপক সমালোচনা কৰিবলৈ গৈ সুলেখা–সুৰেখা চিঞাহীৰ প্রসংগ টানি আনিছিল৷ তেওঁ উল্লেখ কৰিছিল যে পূর্বে সুলেখা চিঞাহীৰ এক নকল চিঞাহী হিচাপে সুৰেখা চিঞাহী বজাৰত চলিছিল৷ অসম জাতীয় পৰিষদো বজাৰত পূর্বে ওলোৱা নকল সুৰেখা চিঞাহীৰ দৰে৷ অজাপক লৈ কৰা এনে মন্তব্যক লৈ বৃহস্পতিবাৰে ৰাজ্যজুৰি সৃষ্টি হয় তীব্র প্রতিক্রিয়া৷ জগদীশ ভূঞাই কয়– অতুল বৰাই কি কৰি আছে বা কি কৰিব, সেই বিষয়ে ৰাইজক পতিয়ন নিয়াব নোৱাৰিহে এইদৰে অজাপক সমালোচনা কৰিছে৷ আনহাতে, বিজেপিক সমালোচনা কৰি ৰাজ্যিক সমন্বয়কগৰাকীৰ মন্তব্য– পৰিৱর্তনৰ শ্লোগান দিয়া চৰকাৰখনৰ মুৰব্বীয়েও এতিয়া ক’ব নোৱাৰিব পৰিৱর্তন কি হ’ল৷ নিজে কি কৰি আছে, তাক ক’বলৈ একো নাথাকিলে আনক আক্রমণ কৰে৷ ব্যর্থতা ঢ়াকিবলৈ এতিয়া মোগল শব্দৰ ব্যৱহাৰ চলিছে৷ বাবৰ, ঔৰংগজেব আদি বুৰঞ্জীৰ চৰিত্রবোৰ টানি দৰাচলতে তেওঁলোকে নিজৰ অদক্ষতা ঢ়াকিছে৷ বিজেপিৰ সাংগঠনিক শিপাডাল ইমান তললৈ নাই যে উভালি পেলাব নোৱাৰি৷ উল্লেখ্য যে অসম জাতীয় পৰিষদে আজি কামৰূপ মহানগৰ জিলা সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰে৷ আনহাতে, নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল বা আন আঞ্চলিক দলৰ লগত নৱেম্বৰৰ পাছতে আলোচনাত বহাৰো ইংগিত দিয়ে জগদীশ ভূঞাই৷ তেওঁ কয়– সর্বভাৰতীয় দলৰ বিৰুদ্ধে অহা নির্বাচনত এটা সমষ্টিত এজন আঞ্চলিক দলৰ প্রার্থী থিয় কৰোৱা হ’ব৷

You might also like