বাৰ্তা ডিজিটেল ডেস্ক, ৯ জানুৱাৰীঃ চানমাৰিত চলি থকা অসম গ্ৰন্থমেলাত ড° জগদীশ পাটগিৰিৰ মহাবীৰ লাচিত উন্মোচন কৰা হয়। গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাত কালি উন্মোচন কৰা হয় বিশিষ্ট নাট্যকাৰ, দাৰ্শনিক, অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° জগদীশ পাটগিৰিৰ বহু সমাদৃত নাটক মহাবীৰ লাচিত ৷ গ্ৰন্থমেলাৰ বাকৰিৰ অস্থায়ী মঞ্চত এই উপলক্ষে অনুষ্ঠিত সভাত ৰেখা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত মহাবীৰ লাচিত উন্মোচন কৰে জনপ্ৰিয় নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাস আৰু নাট্যকাৰ হিল্লোল কুমাৰ পাঠক৷ সভাত শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল কুমাৰ বৰা, ড° জগদীশ পাটগিৰি আৰু ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ মহাবীৰ লাচিত নাটক উন্মোচনৰ পাছতে অনুষ্ঠিত হয় মহাবীৰ লাচিত নাটখনিৰ আবৃত্তি আৰু মননশীল আলোচনাচক্ৰ৷ এই অনুষ্ঠান পৰিচালনা কৰে অধ্যাপক দিলীপ কলিতাই৷ অনুষ্ঠানত ৰশ্মিতা শইকীয়া, দীপাংকৰ শৰ্মা, সোণমনি শৰ্মা, প্ৰবাল গোস্বামী, পাৰ্থপ্ৰতিম হাজৰিকা, দেবেন কলিতা, দীপক বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও আলোচক আৰু আবৃত্তিকাৰে৷