নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক কটূক্তি কৰাটো মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা : মাৰিয়া আহমেদ

বাৰ্তা ডিজিটেল ডেস্ক, ৯ জানুৱাৰীঃ ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক বক্তব্যৰ বাবে মালদ্বীপৰ সৈতে বিবাদ ক্ৰমাগতভাৱে গভীৰ হৈ আহিছে। ইফালে, কালি মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদে নিজৰ দেশৰ চৰকাৰক লৈ ক্ষোভিত হৈ পৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক ভাষাৰ ব্যৱহাৰে মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা প্ৰকাশ কৰিছে। মাৰিয়া আহমেদে আৰু কয় যে ভাৰত আমাৰ এক নিৰ্ভৰযোগ্য মিত্ৰ হৈ আহিছে, যিয়ে প্ৰতিৰক্ষাৰ দৰে বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহায় কৰি আহিছে। এনে যিকোনো সমালোচনাই আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে বুলিও তেওঁ কয়। মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতক মালদ্বীপৰ ‘৯১১ কল’ বুলি অভিহিত কৰি সকলো বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ জোৰ দি কয় যে যেতিয়াই মালদ্বীপৰ প্ৰয়োজন হৈছে তেতিয়াই ভাৰতে ইয়াৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে। তেওঁ কয়, ‘এয়া বৰ্তমানৰ প্ৰশাসনৰ অদূৰদৰ্শিতা… আমি এখন সৰু দেশ, যিখন সকলোৰে বন্ধু, কিন্তু আমি ভাৰতৰ সৈতে সীমান্ত ভাগ কৰাটো আমি অস্বীকাৰ কৰিব নোৱাৰো। আমাৰো একেধৰণৰ নিৰাপত্তাৰ চিন্তা আছে। মালদ্বীপ চৰকাৰৰ বিৰুদ্ধে থিয় দি মাৰিয়া আহমেদে কয় যে, ‘আমাৰ চৰকাৰৰ অদূৰদৰ্শিতা যে তেওঁলোকে ভাবে যে আমি ভাৰতৰ সৈতে আমাৰ পুৰণি সম্পৰ্ক শেষ কৰিব পাৰো।’ ভাৰতক মালদ্বীপৰ বাবে ‘৯১১ কল’ বুলি অভিহিত কৰি প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ‘যেতিয়া আমাক প্ৰয়োজন হয়, আমি এটা ফোন কৰো আৰু ভাৰতে আমাক বচাবলৈ আহে। এনে বন্ধুক লৈ যেতিয়া এনে অপমানজনক বক্তব্য দিয়া হয় তেতিয়া বেয়া লাগে। ঐতিহাসিক ‘ইণ্ডিয়া ফাৰ্ষ্ট’ নীতিক সমৰ্থন কৰি তেওঁ কয়, ‘আমি আশা কৰিছো যে মালদ্বীপ চৰকাৰে ইণ্ডিয়া ফাৰ্ষ্টৰ নীতি অব্যাহত ৰাখিব। যেতিয়াই আমাৰ প্ৰয়োজন হ’ব তেতিয়াই আমাৰ ওচৰৰ ওচৰ-চুবুৰীয়াইহে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। মালদ্বীপৰ লোকসকলেও চিকিৎসাৰ বাবে ভাৰতলৈ যায়। মাৰিয়া আহমেদে কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতত মালদ্বীপৰ লোকসকলৰ চিকিৎসা আৰু সহায় হিচাপে প্ৰদান কৰা Covid ভেকচিনৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে আমাৰ দুয়োখন দেশৰ মাজত বহু সহযোগিতা হৈছে আৰু আমি আমাৰ ঘনিষ্ঠ প্ৰতিবেশী দেশখনক সলনি কৰাৰ কথাও ভাবিব নোৱাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ জানুৱাৰীত লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ তাত থকা সাগৰৰ পাৰত স্নৰ্কিং কৰি থাকোঁতে ছবি শ্বেয়াৰ কৰিছিল। এই ছবিসমূহে মালদ্বীপৰ একাংশ মন্ত্ৰী আৰু নেতাক ক্ষুব্ধ কৰি তুলিছিল আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতৰ বিৰুদ্ধে অপমানজনক বক্তব্য আগবঢ়াইছিল।

You might also like