নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰাৰোগ্য ৰোগত আক্ৰান্ত গহপুৰ ডুবিয়াৰ ছাত্ৰী জাহ্নৱী চাংমাই

নিয়মীয়া বাৰ্তা, ৭ জুন : ‘ব্ৰহ্মা আদি কৰি জীৱ যত’… প্ৰাৰ্থনাৰে ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে গহপুৰৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। আজি পুৱা এক আবেগিক পৰিৱেশ, এক বুজাব নোৱাৰা পৰিস্থিতি ছাত্ৰ-ছাত্ৰীৰ মাজত। দৃশ্যটো ভাবিব নোৱাৰা ধৰণেৰে আবেগ আৰু সহপাঠীৰ প্ৰতি থকা সহপাঠী সকলৰ মৰম আৰু চেনেহৰ দুৰ্লভ মুহূৰ্ত। চকুপানী টুকি টুকি দান পাত্ৰ লৈ সহপাঠীয়ে বিচাৰিছে সহপাঠীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ হাত। এই দৃশ্যটো দেখিবলৈ পোৱা গ’ল গহপুৰ মহকুমাৰ এখন বিদ্যালয়ত। মহকুমাটোৰ অন্যতম উল্লেখযোগ্য শিক্ষানুষ্ঠান পূব ডুবিয়া উচ্চ ইংৰাজী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শিক্ষাগ্ৰহণৰ পৰা আঁতৰি গুৱাহাটীৰ এখন চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। এই দুঃখবৰে বিদ্যালয়ৰ সহপাঠীসকলক দুখত ম্ৰিয়মান কৰি তুলিছে।সহপাঠীসকলে জাহ্নৱী চাংমাই নামৰ ছাত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আজি পুৱা প্ৰাতঃ সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সহপাঠী গৰাকীৰ পৰিয়ালটিক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্য হাতত তুলি লৈছে দান পাত্ৰ। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও এই ৰোগাক্ৰান্ত ছাত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰি পাৰ্যমানে আৰ্থিক অনুদান আগবঢ়ায়। ইয়াৰ উপৰি বিদ্যালয়ৰ অভিভাৱক-অভিভাৱিকাসকলো উপস্থিত হৈ নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াইছে। লগতে আজি ভালেসংখ্যক শিক্ষানুৰাগী তথা মানৱদৰদী ব্যক্তিয়েও ছাত্ৰ-ছাত্ৰী সকলে হাতত লোৱা দান পাত্ৰত আৰ্থিক অনুদান আগবঢ়াবলৈ বিদ্যালয়ত উপস্থিত হয়। বিশেষকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ চাৰিঙীয়াৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণ ভৰালী বৰুৱা, শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে জোনালী ভূঞা, বেণুধৰ দিহিঙীয়া, সেৱ কৈৰালা, নিৰু বৰুৱা, পৱিত্ৰ নেওগ, ৰুমী বৰুৱা, পৱিত্ৰ গগৈ, মুনমী শৰ্মা, দেৱাশিস ৰবিদাস, ক্ষীৰেশ্বৰ ৰাজখোৱা, কৰ্মচাৰী ক্ৰমে লীলাকান্ত চাংমাই, পুণ্য সিং দেউৰীৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক মাধুৰ্য হাজৰিকা, অৱসৰপ্ৰাপ্ত বিশিষ্ট চিকিৎসক তথা ডিব্ৰুগড় নিবাসী ডাঃ কৃষ্ণ কুমাৰ দে’, পৰেশ গগৈ, দিলীপ চাংমাই, কমল গগৈ, প্ৰফুল্ল বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে নিজাববীয়াকৈ আৰ্থিক অনুদান আগবঢ়াবলৈ বিদ্যালয়ত উপস্থিত হয়। আজি বিদ্যালয়ত জ্যেষ্ঠ সাংবাদিক নৱজিৎ শইকীয়া, বিপুল কুমাৰ দিহিঙীয়া, ৰমেন বৰা, মুন গগৈকে ধৰি কেইবাগৰাকী সাংবাদিক উপস্থিত হৈ নিজাববীয়াকৈ ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক অনুদান আগবঢ়ায়। ইয়াৰ উপৰি সাংবাদিক সকলে মানৱ দৰদী ব্যক্তি সকলৰ পৰা দৰিদ্ৰ পৰিয়ালৰ জাহ্নৱী চাংমাইৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক অনুদান আগবঢ়াবলৈ অনুৰোধ জনায়। উল্লেখ্য যে গহপুৰ মহকুমাৰ অন্তৰ্গত ডুবিয়া বড়িগাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান জাহ্নৱী কিছুদিনৰ পূৰ্বে অতি মাত্ৰা পেটৰ বিষত আক্ৰান্ত হয়। লগে লগে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক লখিমপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত যোৱা ১৫ মাৰ্চত টিউমাৰৰ অপাৰেশ্যন কৰায়। কিছুদিনৰ পাছত ছাত্ৰী গৰাকীয়ে সুস্থ হৈ পূব ডুবিয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰি কিছুদিন বিদ্যালয়লৈ যায়। কিন্তু দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ দুখ আঁতৰি নগ’ল। এচমকা ক’লা ডাৱৰে পৰিয়ালটিক আৱৰি ধৰিলেহি। খবৰ আহিল ছাত্ৰী জাহ্নৱী এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। জানিব পৰা মতে লখিমপুৰৰ ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃক ফোন যোগে পুনৰ চিকিৎসালয়লৈ মাতি পঠালে। বায়পচি ৰিপোৰ্টত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিতাললৈ ছাত্ৰী গৰাকীক লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। খবৰ পায়েই মূৰত যেন সৰগ ভাগি পৰিল দৰিদ্ৰ পৰিয়ালৰ। দিন হাজিৰাৰে চাৰিজনীয়া পৰিয়ালটিক পোহ-পাল দি থকা পিতৃ হেমন্ত চাংমাই আৰু মাতৃ ববী চাংমাই কিশোৰী কন্যাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক দৈন্যতাত ভুগি দিশহাৰা হৈ পৰিছে। কন্যা সন্তানটিৰ উন্নত চিকিৎসাৰ বাবে পৈত্ৰিক সম্পত্তি ৰূপিত মাটিকণকে বিক্ৰী কৰি গুৱাহাটীলৈ ৰাওনা হৈছে পিতৃ-মাতৃ। বি বৰুৱা কেঞ্চাৰ হস্পিতালত যোৱা ২১ এপ্ৰিলত ভৰ্তি কৰাৰ পাছত চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছে ছাত্ৰী গৰাকী। জাহ্নৱী চাংমাইৰ চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটিক আৰ্থিক অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে গহপুৰৰ শৈক্ষিক সমাজেও। আৰ্থিক অনুদান আগবঢ়াব বিচৰা শুভাকাংক্ষীসকলে গহপুৰৰ ডুবিয়া ইণ্ডিয়ান বেংকত থকা মেধাৱী ছাত্ৰীগৰাকীৰ মাতৃ ববী চাংমাইৰ A/C 50439738617, FISC- IDIB000D665 বা 8134023207 ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে সহপাঠী সকলৰ লগতে গহপুৰৰ শৈক্ষিক সমাজে।
প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া
You might also like