বিশেষ বাৰ্তা, ১ জুনঃ ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সকলো বিভাগত ৰাইজৰ হিত সাধনৰ বাবে কাম কৰি আহিছে। অলপতে প্ৰায় ৪৭০০০ চাকৰিপ্ৰাৰ্থীক নিযুক্তি দিয়াৰ পৰ্ব অন্ত পৰা পিছত আন এটা ভাল খবৰ আহিছে। সেই অনুসৰি জল জীৱনৰ মিছৰ অধীনত প্ৰায় পঞ্চাশ শতাংশ লোকে পানী পাবলৈ সক্ষম হৈছে। এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জল জীৱন মিছনৰ অধীনত ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ ৫০.০৫ শতাংশ পৰিয়ালে নল যোগে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে স্বৰাজোত্তৰৰ ৭২ বছৰৰ পিছতো অসমৰ গ্ৰাম্যাঞ্চলৰ মাত্র ১.৬৪ শতাংশ পৰিয়ালেহে নলযোগে পানী লাভ কৰিছিল; কিন্তু ২০১৯ চনৰ ১৫ আগষ্টত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সপোনৰ আঁচনি ‘জল জীৱন মিছন’ আৰম্ভ কৰাৰ প্ৰায় চাৰে তিনি বছৰৰ পিছতে ৰাজ্যখনৰ গ্রাম্য পৰিয়ালৰ ৫০.০৫ শতাংশকে নির্মল খোৱা পানী যোগান ধৰিব পৰাটো নিঃসন্দেহে অতি আনন্দ আৰু গৌৰৱৰ বিষয়। এই সফলতাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় জলশক্তি গজেন্দ্র সিং শেখাৱট আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জ্যেষ্ঠ বিষয়াবর্গৰ পৰা আৰম্ভ কৰি প্রতিজন অভিযন্তা, প্ৰতিগৰাকী কৰ্মচাৰী আৰু ঠিকাদাৰসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনায় তেওঁ। ইফালে গুৱাহাটীৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নৱনিযুক্ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ এখন অভিযোজন বৈঠকত অধ্যক্ষতা কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমত জে জে এমৰ অধীনত ৫০% এফ এইচ টি চি কাম সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত নিজৰ মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ ভিতৰত প্ৰতিটো ঘৰতে খোৱাপানী যোগান ধৰাৰ আস্থা প্ৰকাশ কৰে। তেওঁ কয় “অসমত এই অভিযানে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ অদম্যভাৱে কাম কৰি আছে আৰু বৰ্তমানলৈ ৩৩,০১,০৯৭ টা পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে।” মন্ত্ৰী বৰুৱাই এই কথাও ব্যক্ত কৰে যে অসমত প্ৰথম অৱস্থাত এফ এইচ টি চিৰ অগ্ৰগতি কিছু লেহেমীয়া আছিল যদিও যোৱা কেইবছৰৰ পৰা ৰাজ্যখনে আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনে গাঁও জল আৰু অনাময় সমিতি গঠন, বিভিন্ন অংশীদাৰক প্ৰশিক্ষণ দিয়া, মানৱ সম্পদ চিনাক্তকৰণ আৰু অ’ এণ্ড এমৰ বাবে দক্ষ হোৱা গাঁও আদিকে ধৰি মাপকাঠী নিৰ্ধাৰণৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি দেখুৱাইছে। ইয়াৰ পূৰ্বে দিনটোৰ আৰম্ভণিতেই নিজৰ টুইটাৰত মন্ত্ৰী বৰুৱাই প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জে জে এমক জন আন্দোলনলৈ সফলতাৰে ৰূপান্তৰিত কৰা বুলি উল্লেখ কৰে। ইয়াৰ লগতে মন্ত্ৰী বৰুৱাই কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আঁচনিখন কাৰ্যকৰীকৰণত তেওঁলোকৰ পথ প্ৰদৰ্শন আৰু সহায়ৰ বাবে ধন্যবাদ জনায়। উল্লেখযোগ্য যে, স্বাধীনতাৰ পিছৰে পৰা অসমত পানীৰ ঘৰে প্ৰতি সংযোগ মাত্ৰ ১.৬৪% আছিল যদিও ২০১৯ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদীয়ে জল জীৱন অভিযান আৰম্ভ কৰাৰ পিছত যোৱা কেইবছৰমানৰ ভিতৰত এই অনুপাত বৃদ্ধি হৈ ৫০.০৫% হয়গৈ। অনুষ্ঠানত জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নৱনিযুক্ত ২৩৯ জন কৰ্মচাৰীৰ সৈতে হোৱা এক কথোপকথনত মন্ত্ৰী মল্লবৰুৱাই কয় যে যিহেতু এই নিযুক্তি সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত সম্পন্ন কৰা হৈছে, সেয়েহে তেওঁ নতুনকৈ নিযুক্তিপোৱা সকলক তেওঁলোকেও কোনোধৰণৰ দুর্নীতিৰ আশ্রয় নোলোৱাকৈ নিষ্ঠাৰে কাম কৰি দেশৰ, উন্নতিত যত্নপৰ হ’বলৈ আহ্বান জনায়। অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব, বিশেষ সচিব দিগন্ত বৰুৱা, মুখ্য অভিযন্তা (পানী) দিব্যজ্যোতি দুৱৰা, মুখ্য অভিযন্তা (অনাময়) বি.এম. ৰয় আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।