নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসংখ্যা সমাধান ফাউণ্ডেচনৰ দাবী টু চাইল্ড পলিচী জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰক

জনসংখ্যা নিয়ন্ত্ৰণ আইনেই ভাৰতক আত্মনির্ভৰৰূপে গঢ় দিব পাৰে

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   জনসংখ্যা নিয়ন্ত্ৰণ আইন সম্পৰ্কে প্ৰথমবাৰ আদৰণীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে সফল উত্থাপন কৰিছিল। ১১ জনীয়া সংবিধান সমীক্ষা আয়োগ (ভেংকটচলেয়া আয়োগ)-এ দুই বছৰ পৰ্যন্ত বিচাৰ-বিবেচনা কৰাৰ পিছত সংবিধানত ধাৰা ৪৭এ সংলগ্ন কৰা আৰু জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ পৰামৰ্শ প্ৰদান কৰিছিল। কিন্তু সেয়াও আজি পৰ্যন্ত প্ৰণয়ন কৰা নহল। ২০০০ চনৰ ২০ ফেব্ৰুৱাৰীত মাননীয় প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে গঠন কৰা সংবিধান সমীক্ষা আয়োগেই হৈছে স্বাধীন ভাৰতৰ সবাতোকৈ প্ৰতিষ্ঠিত আয়োগ। উচ্চতম ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ভেংকটচলেয়া এই আয়োগৰ অধ্যক্ষ হোৱাৰ লগতে ন্যায়াধীশ ছৰকাৰীয়া, ন্যায়াধীশ জীৱন ৰেড্ডী আৰু ন্যায়াধীশ পুননেয়া এই আয়োগৰ সদস্য আছিল। ভাৰতৰ প্ৰাক্তন এটৰ্ণী জেনেৰেল আৰু সংবিধান বিশেষজ্ঞ কেশৱ পৰাশৰণ, ছোলী সৰাবজী আৰু লোকসভাৰ প্রাক্তন মহাসচিব সুভাষ কাশ্যপো সদস্য আছিল। ইয়াৰোপৰি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমা এই আয়োগৰ সদস্য আছিল।

ভেংকটচলেয়া আয়োগৰ দ্বাৰা নিৰ্বাচন সংশোধন, প্ৰশাসনিক সংশোধন আৰু ন্যায়িক সংশোধনৰ বাবে আগবঢ়োৱা পৰামৰ্শও আজিলৈকে পৰি ৰৈছে। অধিকাংশ ৰাজনৈতিক দলৰে নেতা, সাংসদ আৰু বিধায়ক, বুদ্ধিজীৱী, সমাজবিদ, পৰিৱেশবিদ, শিক্ষাবিদ, ন্যায়বিদ, বিচাৰক আৰু সাংবাদিকে এই কথাত সহমত পোষণ কৰে যে দেশৰ ৫০ শতাংশৰো অধিক সমস্যাৰ কাৰণ হৈছে জনসংখ্যাৰ বিস্ফোৰণ। যিসকলে কৰ প্ৰদান কৰে তেওঁলোকে “আমি দুজন, আমাৰ দুজন” নীতি পালন কৰে। কিন্তু বিনামূলীয়াকৈ যিসকলে অন্ন, বস্ত্ৰ, বাসস্থানৰ লাভ লৈ আহিছে, সেই সকলেই জনসংখ্যা অনিয়ন্ত্ৰিত কৰি আহিছে!

এই জনসংখ্যা বিস্ফোৰণ প্ৰতিৰোধ কৰাটো অতি আৱশ্যক।

জনসংখ্যা সমাধান ফাউণ্ডেশ্যন,
অসম আৰু উত্তৰ-পূব ভাৰত প্ৰান্ত ৰ হৈ শ্ৰী শিৱ প্ৰসাদ শৰ্মা, শ্ৰী শৈলেন্দ্ৰ পাণ্ডে, ড৹ শুভজিত চৌধুৰী ,লাল জী সোণাৰী।

#WeDemand_PopulationControlLaw
#JansankhyaSamadhanFoundation

Contact : 9435537845
Helpline : 9958389793
Miss Call : 8000303366

You might also like