নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত পূজা-অৰ্চনাৰ মাজতে আকাশৰ পৰা পৰিল জটায়ু পক্ষী!

বিশেষ বাৰ্তা, ২৪ জানুৱাৰীঃ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান‌ চলি থকা সময়তে নগাঁও জিলাৰ দুই নম্বৰ পুঠিমাৰী ত্ৰিপুৰা বস্তিত আবিৰ্ভাৱ ঘটিল জটায়ু পক্ষীৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্ৰ দেশবাসীৰ লগতে নগাঁও জিলাতো মন্দিৰে মন্দিৰে নাম-কীৰ্তন,পূজা-অৰ্চনা চলি আছিল। ঠিক তেনে সময়তে কালি জিলাখনৰ দুই নম্বৰ পুঠিমাৰী ত্ৰিপুৰা বস্তিত ৰাজহুৱা পূজা মণ্ডপতো ৰাইজ সমৱেত হৈ নাম কীৰ্তন কৰি আছিল। তেনে সময়তে এটি অদ্ভূত আকৃতিৰ পক্ষীৰ পোৱালি ওপৰৰ পৰা পৰি যায়। লগে লগে ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হয়। একাংশ লোকে এই চৰাইৰ পোৱালিটো জটায়ু পক্ষীৰ পোৱালি বুলি দাবী কৰে। লগে লগে ৰাইজে আহত চৰাইৰ পোৱালিটোক পানী খুৱাই তাৰ কপালত ৰঙা তিলক দি জয় শ্ৰীৰাম ধ্বনি দিয়ে। তেতিয়াই এই চৰাই পোৱালিটোৰ মৃত্যু হয়। এতিয়া সমগ্ৰ অঞ্চলটোত সেই চৰাইৰ পোৱালিটো জটায়ু পক্ষী বুলি ব্যাপক প্ৰচাৰ হৈছে। অৱশ্যে বন বিভাগে এতিয়াও চৰাইটো কি তাক নিশ্চিত কৰা নাই। উল্লেখ্য যে ৰাৱণে যেতিয়া দেৱী সীতাক লংকালৈ অপহৰণ কৰি নি আছিল যেতিয়া জটায়ুৱে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। জটায়ুৱে ৰাৱণৰ সৈতে সাহসিকতাৰে যুঁজ দিয়ে কিন্তু বৃদ্ধাৱস্থাৰ বাবে জটায়ুক ৰাৱণে সহজতে পৰাজিত কৰি তেওঁৰ ডেউকা খণ্ডিত কৰে। তেতিয়া জটায়ু চাদয়ামঙ্গলমৰ শিলৰ ওপৰত পতিত হয়। সীতাৰ সন্ধানত ভ্ৰমি ফুৰা ৰাম আৰু লক্ষ্মণ পীড়িত আৰু মৃত্যুমুখত পৰা জটায়ুৰ কাষ পায় আৰু তেওঁ দশৰথ পুত্ৰদ্বয়ক জানিবলৈ দিয়ে যে ৰাৱণ দক্ষিণৰ দিশে আগবাঢ়িছে। ইয়াৰ পিছতে জটায়ুৱে মৃত্যুবৰণ কৰে আৰু ৰামে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like