নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক ন্যায় প্রদানত জননায়ক কর্পূৰী ঠাকুৰৰ অনবদ্য অৱদান

প্রবীণ ৰাজনীতিক, বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী কর্পূৰী ঠাকুৰৰ ১০০সংখ্যক জন্মদিনত শ্রদ্ধাঞ্জলি

নৰেন্দ্র মোদী
ভাৰতৰ প্রধানমন্ত্রী

আজি জননায়ক কর্পূৰী ঠাকুৰজীৰ জন্ম শতবার্ষিকী, যিগৰাকী ব্যক্তিৰ সামাজিক ন্যায়ৰ নিৰন্তৰ সাধনাই কোটি কোটি লোকৰ জীৱনত ইতিবাচক প্রভাৱ পেলাইছিল৷ মই কেতিয়াও কর্পূৰীজীক সোঁশৰীৰে লগ পোৱাৰ সুযোগ পোৱা নাছিলোঁ, কিন্তু মই তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা কৈলাসপতি মিশ্রজীৰ পৰা তেওঁৰ বিষয়ে বহু কথাই শুনিছিলোঁ৷ তেওঁ সমাজৰ অন্যতম পিছপৰা শ্রেণী নাপিত সমাজৰ লোক আছিল৷ তথাপি অজস্র বাধা অতিক্রম কৰি তেওঁ জীৱন সংগ্রামত আগুৱাই গৈছিল আৰু যথেষ্ট সফলতা অর্জন কৰিছিল৷ তেওঁ অহৰহ সামাজিক উন্নয়নৰ হকেই কাম কৰি গৈছিল৷

জননায়ক কর্পূৰী ঠাকুৰজীৰ জীৱন সৰলতা আৰু সামাজিক ন্যায়ৰ দ্বৈত স্তম্ভৰ চৌদিশে ঘূর্ণীয়মান আছিল৷ শেষ উশাহ থকালৈকে তেওঁ তেওঁৰ সৰল জীৱনশৈলী আৰু নম্র প্রকৃতিৰে সাধাৰণ মানুহৰ সৈতে গভীৰভাৱে একাত্ম হ’ব পাৰিছিল, সকলোকে মোহাচ্ছন্ন কৰিব পাৰিছিল৷ কর্পূৰীজীৰ জীৱনৰ বহু ঘটনা আছে, যিবোৰে তেওঁৰ সৰলতাকেই প্রতিফলিত কৰে৷ যিসকলে তেওঁৰ সৈতে কাম কৰিছিল তেওঁলোকে মনত পেলাইছে যে কেনেকৈ তেওঁ তেওঁৰ কন্যাৰ বিয়াকে ধৰি যিকোনো ব্যক্তিগত বিষয়ৰ বাবে কেৱল নিজৰ ধন খৰচ কৰিবলৈহে পছন্দ কৰিছিল৷ তেওঁ কেতিয়াও আনৰ ধনেৰে ব্যক্তিগত কাম কৰা নাছিল৷ বিহাৰৰ মুখ্যমন্ত্রী হিচাপে তেওঁৰ কার্যকালত, ৰাজনৈতিক নেতাসকলৰ বাবে এটা আৱাসিক কল’নী নির্মাণৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু তেওঁ নিজে ইয়াৰ বাবে কোনো ভূমি বা ধন গ্রহণ কৰা নাছিল৷ ১৯৮৮ চনত যেতিয়া তেওঁৰ মৃত্যু হয়, তেতিয়া কেইবাজনো নেতাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁৰ গাঁৱলৈ গৈছিল৷ যেতিয়া তেওঁলোকে তেওঁৰ ঘৰৰ অৱস্থা দেখিছিল, তেওঁলোকৰ চকুলো নিগৰি আহিছিল– ইমান ডাঙৰ পদবীত থাকিও কাৰোবাৰ ইমান সাধাৰণ ঘৰ কেনেকৈ থাকিব পাৰে। তেওঁৰ সৰলতাৰ আন এটা উদাহৰণ ১৯৭৭ চনৰ আন এক ঘটনাৰ পৰা পোৱা যায়৷ তেতিয়া তেওঁ বিহাৰৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিছিলহে মাত্র৷ সেই সময়ত জনতা চৰকাৰ দিল্লী আৰু পাটনাত শাসনত আছিল৷ সেইবাৰ জনতা দলৰ নেতাসকল লোকনায়ক জয়প্রকাশ নাৰায়ণৰ জন্মদিন উপলক্ষে পাটনাত মিলিত হৈছিল৷ শীর্ষ নেতাসকলৰ সৈতে মুখ্যমন্ত্রী কর্পূৰী ঠাকুৰজীয়ে ফটা কুর্তা পিন্ধি খোজকাঢ়িছিল৷ তেনে দৃশ্য দেখি চন্দ্রশেখৰজীয়ে নিজস্ব ভংগীৰে তাত উপস্থিত থকা লোকসকলক কিছু টকা দান কৰিবলৈ কৈছিল, যাতে কর্পূৰীজীয়ে এটা নতুন কুর্তা ক্রয় কৰ্বি পাৰে৷ কিন্তু, কর্পূৰীজী কর্পূৰীজীয়েই আছিল– তেওঁ টকাখিনি গ্রহণ কৰিছিল, কিন্তু সেই ধন মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দান কৰিছিল৷

জননায়ক কর্পূৰী ঠাকুৰজীৰ বাবে সামাজিক ন্যায় আটাইতকৈ প্রিয় বিষয় আছিল৷ তেওঁ তেওঁৰ ৰাজনৈতিক যাত্রাত এনে এখন সমাজ গঢ়ি তোলাৰ বাবে চেষ্টা চলাইছিল, য’ত সম্পদবোৰ নিৰপেক্ষভাৱে বিতৰণ কৰা হয় আৰু সকলোৱে সকলো সুবিধা তেওঁলোকৰ সামাজিক স্থিতি নির্বিশেষে ভোগ কৰিব পাৰে৷ তেওঁ ভাৰতীয় সমাজক পীড়িত কৰা, বিধ্বস্ত কৰা প্রণালীগত অসমতাবোৰ দূৰ কৰিব বিচাৰিছিল৷

আদর্শ বৰ্তাই ৰখাৰ ক্ষেত্রত তেওঁৰ প্রতিশ্রুতি এনে আছিল যে কংগ্রেছ দল সৰ্বব্যাপী হৈ থকা সত্ত্বেও, তেওঁ স্পষ্টভাৱে কংগ্রেছবিৰোধী অৱস্থান গ্রহণ কৰিছিল৷ কিয়নো, তেওঁ নিশ্চিত হৈছিল যে কংগ্রেছ দলটো ইয়াৰ প্রতিষ্ঠা কালৰ নীতিৰ পৰা বিচ্যুত হৈছে৷ তেওঁৰ নির্বাচনী কেৰিয়াৰ ১৯৫০ৰ দশকৰ আদিতে আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা তেওঁ অসমতাৰ বিৰুদ্ধে মাত মতা এক শক্তি হিচাপে পৰিচিত হৈছিল৷ শ্রমিক শ্রেণী, ক্ষুদ্র কৃষক আৰু যুৱক-যুৱতীসকলৰ সংগ্রামক শক্তিশালী কৰাৰ বাবে তেওঁ সদায় মাত মাতিছিল৷ শিক্ষা তেওঁৰ হৃদয়ৰ খুব ওচৰৰ বিষয় আছিল৷ তেওঁৰ সমগ্র ৰাজনৈতিক কেৰিয়াৰত তেওঁ দৰিদ্র লোকসকলৰ বাবে শিক্ষাৰ সুবিধা উন্নত কৰাৰ হকে কাম কৰিছিল৷ তেওঁ স্থানীয় ভাষাত শিক্ষাদানৰ সপক্ষে মাত মাতিছিল, যাতে সৰু চহৰ আৰু গাঁৱৰ মানুহেও উন্নতিৰ জখলা বগাই সফলতা লাভ কৰিব পাৰে৷ মুখ্যমন্ত্রী হিচাপে তেওঁ জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবেও বহু পদক্ষেপ গ্রহণ কৰিছিল৷

গণতন্ত্র, বিতর্ক আৰু আলোচনা কর্পূৰীজীৰ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংগ আছিল৷ তেওঁৰ ব্যক্তিত্বৰ এনেবোৰ দিশ ভালদৰে পৰিস্ফুট হৈছিল, যেতিয়া তেওঁ এজন যুৱক হিচাপে ভাৰত ত্যাগ আন্দোলনত নিজকে জড়িত কৰিছিল আৰু জৰুৰীকালীন অৱস্থাৰ সময়তো তেওঁ সর্বশক্তিৰে নিজৰ প্রতিবাদ সাব্যস্ত কৰিছিল৷ জয়প্রকাশ নাৰায়ণ, ড০ লোহিয়া আৰু চৰণ সিংজীৰ দৰে ব্যক্তিসকলে তেওঁৰ অনন্য দৃষ্টিভংগী আৰু ব্যক্তিত্বৰ শলাগ লোৱাৰ লগতে যথেষ্ট প্রশংসা কৰিছিল৷ ভাৰতলৈ জননায়ক কর্পূৰী ঠাকুৰজীৰ আটাইতকৈ গুৰুত্বপূর্ণ অৱদানৰ ভিতৰত সম্ভৱতঃ এটা আছিল পিছপৰা শ্রেণীৰ উন্নয়নৰ বাবে ইতিবাচক পদক্ষেপ গ্রহণৰ প্রচেষ্টাক শক্তিশালী কৰাত তেওঁ আগবঢ়োৱা ভূমিকা৷ তেওঁ মনেপ্রাণে এই আশা কৰিছিল যে পিছপৰা শ্রেণীৰ লোকসকলক তেওঁলোকৰ প্রাপ্য প্রতিনিধিত্ব আৰু সুযোগ প্রদান কৰা হওক৷ তেওঁৰ এনে সিদ্ধান্ত তীব্র বিৰোধিতাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কোনো কাৰণতে পিছহুঁহকি অহা নাছিল৷ তেওঁৰ নেতৃত্বত এনে নীতি ৰূপায়ণ কৰা হৈছিল, যি নীতিয়ে এনে এক সামগ্রিক সমাজৰ ভিত্তি স্থাপন কৰিছিল, য’ত এটা দিশৰ জন্মই আন এটাৰ অন্ত নির্ধাৰণ কৰা নাছিল৷ তেওঁ সমাজৰ অন্যতম পিছপৰা শ্রেণীৰ লোক আছিল, কিন্তু তেওঁ উদাৰচিত্তে সকলো মানুহৰ কল্যাণৰ হকে কাম কৰিছিল৷ তেওঁৰ মাজত লেশমানো তিক্ততাৰ চিহ্ণ পৰিস্ফুট হোৱা নাছিল, যিবোৰ কথাই তেওঁক সঁচাকৈয়ে মহান কৰি তুলিছিল৷

যোৱা দহটা ছৰত আমাৰ চৰকাৰে জননায়ক কর্পূৰী ঠাকুৰজীয়ে দেখুৱাই থৈ যোৱা পথেৰেই অগ্রসৰ হৈছে৷ আমাৰ আঁচনি আৰু নীতিসমূহত তেওঁৰ নীতি আৰু আদর্শ প্রতিফলিত হৈছে, যিয়ে পৰিৱর্তনকামী সৰলীকৰণৰ পৰিৱেশ সৃষ্টি কৰিছে৷ আমাৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডী হৈছে এয়াই যে কর্পূৰীজীৰ দৰে কেইজনমান নেতাক একাষৰীয়া কৰি আওৰাই থকা সামাজিক ন্যায়ৰ আহ্বান কেৱল এটা ৰাজনৈতিক শ্লোগানতহে সীমাবদ্ধ হৈ ৰৈছে৷ কর্পূৰীজীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্রাণিত হৈ আমি ইয়াক এক শাসনৰ কার্যকৰী আর্হি হিচাপে ৰূপায়ণ কৰিছোঁ৷ মই আত্মবিশ্বাস আৰু গৌৰৱেৰে এই কথা ক’ব পাৰোঁ যে যোৱা কেইটামান ছৰত আমি ভাৰতৰ ২৫ কোটি লোকক দৰিদ্রতাৰ কবলৰ পৰা মুক্ত কৰাৰ যি কৃতিত্ব অর্জন কৰিছো সেয়া দেখি জননায়ক কর্পূৰী ঠাকুৰজী যথেষ্ট গৌৰৱান্বিত হ’লহেঁতেন৷ আমি দৰিদ্রতাৰ পৰা মুক্ত কৰা এই লোকসকল হৈছে সমাজৰ পিছপৰা শ্রেণীৰ লোক, যিসকল লোকক ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হোৱাৰ সাতটা দশকৰ পিছতো ন্যুনতম সুবিধাকণৰ পৰাও বঞ্চিত কৰি অহা হৈছিল৷

একে সময়তে, প্রতিখন আঁচনিয়ে ১০০% লোকক সামৰি লোৱাৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰাৰ বাবে আমি গ্রহণ কৰা প্রচেষ্টাৰ মাজতো তেওঁৰ আদর্শ আৰু নীতিৰ কথাই প্রতিধ্বনিত হৈ আহিছে৷ আজি যেতিয়া মুদ্রা ঋণৰ জৰিয়তে অ’বিচি, অনুসূচিত জাতি আৰু জনজাতি সম্প্রদায়ৰ লোকসকল উদ্যোগী হৈ পৰিছে, ই কর্পূৰী ঠাকুৰজীৰ অর্থনৈতিক স্বাধীনতাৰ দৃষ্টিভংগীকে মূর্ত কৰি তুলিছে৷ একেদৰে, আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ সংৰক্ষণৰ ব্যৱস্থাটো সম্প্রসাৰণ কৰাৰ সৌভাগ্য লাভ কৰিছে৷ আমি অ’বিচি আয়োগ গঠন কৰাৰ সুবিধা লাভ কৰিছেছা (দুখৰ বিষয়, যিটো কংগ্রেছে বিৰোধিতা কৰিছিল), এইবোৰ কথাই আমি কর্পূৰীজীয়ে দেখুওৱা পথেৰে অগ্রসৰ হোৱাকে সূচায়৷ আমাৰ প্রধানমন্ত্রী–বিশ্বকৰ্মা আঁচনিয়ে সমগ্র ভাৰতৰ অ’বিচি সম্প্রদায়ৰ কোটি কোটি লোকৰ বাবে সমৃদ্ধিৰ নতুন পথ মুকলি কৰি দিছে৷ মই নিজেও পিছপৰা শ্রেণীৰ এজন লোক হিচাপে, জননায়ক কর্পূৰী ঠাকুৰজীক ধন্যবাদ জনাবলগীয়া বহু কথাই বিচাৰি পাইছোঁ৷ দুর্ভাগ্যবশতঃ, আমি মাত্র ৬৪ বছৰ বয়সতে কর্পূৰীজীক হেৰুৱাইছিলোঁ৷ যেতিয়া তেওঁৰ আমাক আটাইতকৈ বেছি প্রয়োজন হৈছিল সেই সময়তে আমি তেওঁক হেৰুৱাইছিলোঁ৷ তথাপি তেওঁ তেওঁৰ কামৰ বাবেই কোটি কোটি লোকৰ হৃদয় আৰু মনত সদায় জীয়াই থাকিব৷ প্রকৃততে তেওঁ এগৰাকী সঁচা জননায়ক আছিল।

You might also like