বিশেষ বাৰ্তা, ৩১ আগষ্ট : কেন্দ্ৰীয় চৰকাৰে আজি জয়া বাৰ্মা সিনহাক ৰে’লৱে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ হিচাপে নিযুক্তি দিছে। ইয়াৰ লগে লগে ৰে’ল মন্ত্ৰালয়ৰ ১০৫ বছৰীয়া ইতিহাসত সেই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে জয়া বাৰ্মা। এলাহাবাদ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সিনহাই ১৯৮৮ চনত ভাৰতীয় ৰেলৱে যাতায়ত সেৱা (আই আৰ টি এছ)ত যোগদান কৰি তিনিটা ৰেলৱে জ’নত কাম কৰিছিল। তেওঁ কাম কৰা জনকেইটা হৈছে উত্তৰ ৰেলৱে, দক্ষিণ-পূব ৰেলৱে আৰু পূব ৰেলৱে। অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পদত ভাৰতীয় ৰে’ল ব্যৱস্থাপনা সেৱা (আইআৰএমএছ), সদস্য (অপাৰেচনছ এণ্ড বিজনেছ ডেভেলপমেণ্ট), ৰে’লৱে ব’ৰ্ডৰ জয়া বাৰ্মা সিনহাক কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনাইছে। অনিল কুমাৰ লাহোটিৰ পিছত সিনহাই কাইলৈ দায়িত্ব গ্ৰহণ কৰিব। ২০২৪ চনৰ ৩১ আগষ্টত তেওঁৰ কাৰ্যকাল শেষ হ’ব। ১ অক্টোবৰত অৱসৰ লোৱাৰ কথা আছে যদিও বাকী কাৰ্যকালৰ বাবে একেদিনাই পুনৰ নিযুক্তি দিয়া হ’ব।