নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবৰ্ষক বিভাজন কৰা দলটোৱেই কংগ্ৰেছ দলঃ পাঠশালাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ ‘ভাৰত বৰ্ষক বিভাজন কৰা একমাত্ৰ দলটোৱেই হৈছে কংগ্ৰেছ দল৷ ইংৰাজ আৰু কংগ্ৰেছ দলৰ নেতৃত্বই ভাৰতবৰ্ষৰ বুৰঞ্জী কেতিয়াবা বেলেগকৈ বুজাব চেষ্টা কৰে৷ কিন্তু সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ মানুহ সচেতন হৈছে৷ আচলতে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ কাম কোনে কৰিছিল সেইবোৰ এতিয়া বিশ্লেষণ কৰাৰ প্ৰয়োজন৷” এই মন্তব্য বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাৰ৷ আজি পাঠশালাত উপস্থিত হোৱা বিজেপিৰ মন্ত্ৰী গৰাকীক বিজেপি আৰু আৰ এছ এছে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান নকৰা বুলি কংগ্ৰেছ দলে কৰি অহা প্ৰচাৰৰ উত্তৰত তেওঁ উক্ত মন্তব্য কৰি কয় যে কংগ্ৰেছে যিবোৰ কথা কৈ আহিছে তাৰ সকলো কিছুদিন পিছত তথ্য সহকাৰে ৰাইজে গম পাব৷ আজি পাঠশালাত উপস্থিত হৈ সাংবাদিকেৰে হোৱা বাৰ্তালাপাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ দলটোৰ গৌৰৱ যাত্ৰা সন্দৰ্ভতো সৰব হৈ পৰে৷ তেওঁ কয় যে কংগ্ৰেছৰ এই গৌৰৱ যাত্ৰা গান্ধী-নেহেৰু পৰিয়ালৰ গৌৰৱ গাঁথা নে অসমৰ বংশবাদ ৰক্ষা কৰা তৰুণ গগৈৰ পুতেকৰ গৌৰৱ যাত্ৰা সেয়া বুজি পোৱা নাই৷ যদি বংশবাদ বাদ দি গৌৰৱ গগৈৰ স্থানৰ বাবে এই যাত্ৰা তেন্তে তাত value আছে৷ আনহাতে যদিহে গান্ধী নেহেৰু পৰিয়ালৰ কিবা গৌৰৱ গাঁথা লৈ এয়া কৰিছে তাক ভাৰতৰ কোনো মানুহে গ্ৰহণ নকৰে বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, “আমি বিৰোধী দল শক্তিশালী হোৱাটো বিচাৰো৷ আৰু সেয়েহে ভূপেন বৰাই কবিতা লিখাতকৈ দলৰ কাম কৰিলে আমি ভাল পাম৷” মন্ত্ৰীগৰাকীয়ে ভূপেন বৰা, ৰিপুণ বৰা আদিৰ দৰে তিনি-চাৰিবাৰকৈ পৰাস্ত হোৱা নেতাৰ কথা সাংবাদিকক নুসুধিবলৈ অনুৰোধ জনাই বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ পৰিৱৰ্তনকামী কাৰ্যৰ বাবে বিজেপিত কোনো প্ৰভাৱ নপৰে বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ব্যক্ত কৰে, কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ শক্তি ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে আৰু ইয়াৰ সুফল ২০২৪ৰ লোকসভা নিৰ্বাচনতো প্ৰতিফলিত হব৷ বিজেপিৰ আন এগৰাকী মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ প্ৰশংসা কৰি দাসক এগৰাকী অতি দক্ষ মন্ত্ৰী আখ্যা দিয়ে জয়ন্ত মল্ল বৰুৱাই৷ ইপিনে “কা” আন্দোলন সন্দৰ্ভটো মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে এতিয়া অসমত কোনো আন্দোলনৰ প্ৰাসংগিকতা নাই৷ ইপিনে এ আই ইউ ডি এফৰ চাৰিজনকৈ বিধায়ক কংগ্ৰেছত আহো আহোকৈ আছে কিন্তু কংগ্ৰেছে তেওঁলোকক নলয় বুলি ভূপেন বৰাই কৰা মন্তব্য সম্পৰ্কত সাংবাদিকে প্ৰতিক্ৰিয়া বিচৰাত মন্ত্ৰী বৰুৱাই কয় যে এ আই ইউ ডি এফৰ বিধায়কসকলে নিৰ্বাচনত তিনিবাৰকৈ হৰা নেতাৰ ওচৰলৈ যাব বিচাৰিব বুলি তেওঁ নাভাবে৷ আনহাতে ১৫ আগষ্টত আলফাৰ অসম বন্ধৰ ঘোষণাটো নিষিদ্ধ ঘোষিত সংগঠনটোৰ এটা পৰম্পৰাৰ বাদে আন একো নহয় বুলি মন্তব্য কৰি আলফাৰ অসম বন্ধ বৰ্তমান সময়ত অপ্ৰাসংগিক বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে৷ ইপিনে পাঠশালাত উপস্থিত হোৱাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বজালী জিলাৰ ভৱানীপুৰস্থিত নিৰ্মীয়মান অৱস্থাত থকা শিৰদী সাই বাবা মন্দিৰটো পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে নিৰ্মাণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে সংশ্লিষ্ট লোকসকলৰ সৈতে এক আলোচনাত মিলিত হয় আৰু মন্দিৰৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ আজি মন্ত্ৰীগৰাকীৰ সতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীভূষণ তালুকদাৰ,বিজেপিৰ বজালী জিলাৰ সভাপতি নগেন চৌধুৰী, বজালী জিলাধিপতি কাবেৰী বৰকাকতি শৰ্মাকে আদি কৰি বিভিন্ন বিষয়া উপস্থিত থাকে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like