গর্ভত থকা দলক লৈ চিন্তিত নহয় বিজেপিঃ আছুৰ ৰাজনৈতিক দলক কটাক্ষ জয়ন্ত মল্লৰ
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ কৃষক মুক্তি সংগ্রাম সমিতি–আছুৰ ৰাজনৈতিক দলক লৈ বিজেপি চিন্তা কৰিব লগা একো নাই৷ তদুপৰি প্রথম তেওঁলোকৰ ৰাজনৈতিক দল ভূমিষ্ঠ হওক৷ ভূমিষ্ঠ নোহোৱা তথা গর্ভত থকা দলক লৈ বিজেপিৰ কিহৰ চিন্তা৷ –এই মন্তব্য অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ, বিজেপিৰ ৰাজ্যিক উপ–সভাপতি, জয়ন্ত মল্লবৰুৱাৰ৷
কালি নিশা নলবাৰীত এটা অনুষ্ঠানত ভাগ লৈ বিজেপি নেতাগৰাকীয়ে আকৌ কয়– বিজেপিৰ লগত অসমৰ প্রতিটো খিলঞ্জীয়া অসমীয়া পৰিয়াল, ভূমিপুত্রসকল আছে৷ আগন্তুক নির্বাচনত সেইসকলৰ সমর্থনত বিজেপিয়ে চৰকাৰ গঠন কৰি কংগ্রেছসহ বিৰোধীক উৎখাত কৰিব৷ কাৰণ গর্ভত থকা দলক লৈ বিজেপি চিন্তা নকৰে৷
আগে ভূমিষ্ঠ হওক আৰু সংগঠনৰ বিষয় ৰাজহুৱা কৰক, সংগঠন আৰু ৰাজনৈতিক দল কি উপলব্ধি কৰক কৃষক মুক্তি সংগ্রাম সমিতি আৰু আছুৰ হ’ব লগা দলৰ নেতৃত্বই৷ এনেই ৭০টা সংগঠনৰ নেতৃত্বত ৰাজনৈতিক দল হ’ব বুলি ক’লে নহ’ব, য’ত ৭০জন ব্যক্তিয়ে নাই৷ ভূমিষ্ঠ হোৱা দলকে ধৰাশায়ী কৰি বিজেপিয়ে কেন্দ্র–ৰাজ্যত চৰকাৰ গঠন কৰি শাসনত আছে৷