সেনা-আৰক্ষীৰ অত্যাচাৰত মৃত্যু জয়ন্তৰ চাঞ্চল্যকৰ ফটোক লৈ প্ৰতিক্ৰিয়া
- ‘গাড়ী চলাই উপাৰ্জন কৰা জয়ন্ত উগ্ৰপন্থী হ’ব নোৱাৰে’- মাতৃ লীলা বৰা
- দোষ ধাকিবলৈ সেনা-আৰক্ষীৰ কূটীল ষড়যন্ত্ৰ ৰচাৰ সন্দেহ দল-সংগঠনৰ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ সেনা-আৰক্ষীৰ বৰ্বৰতাত নিৰীহ অসমীয়া যুৱক জয়ন্ত বৰাৰ মৃত্যু হোৱা আজি এটা সপ্তাহ সম্পূৰ্ণ হৈছে। আয়ুক্ত ললিত গগৈয়ে জয়ন্তৰ মৃত্যুৰ তদন্ত চলাই থকাৰ সময়তে এটা চক্ৰই জয়ন্তৰ কেতবোৰ ৰহস্যজনক তথ্য কৌশলেৰে ৰাজহুৱা কৰিবলৈ উঠিপৰি লগা ঘটনাই স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ মনত ক্ষোভৰ উদগীৰণ ঘটাইছে।
হত্যাকাণ্ড সংঘটিত হোৱা কেইবাদিনৰ পিছত জয়ন্তৰ এখন চাঞ্চল্যকৰ ফটো বিভিন্ন মাধ্যমত ৰাজহুৱা কৰি বৰ্তমান আৰক্ষী আৰু সেনাই নিজক ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টাৰ চলোৱাৰো গুৰুতৰ অভিযোগ তুলিছে ৰাইজে।
উল্লেখ্য যে ৰাজ্য জোকাৰি যোৱা এই কাণ্ডটোৱে সেনা-আৰক্ষীয়ে দীৰ্ঘদিনে গোপনে চলাই অহা সন্ত্ৰাস আৰু বৰ্বৰতাৰ ছবিখন স্পষ্টকৈ প্ৰতিফলিত কৰিছে। ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী গৰাকীয়েই গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছতো বিভাগটো পৰিচালনা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ৰাজহুৱা অভিযোগ উঠিছে। উগ্ৰপন্থী বিচৰাৰ নামত খিলঞ্জীয়া তেজাল যুৱকৰ হত্যালীলা আৰম্ভ কৰা এনে কাণ্ডৰ জড়িয়তে বিজেপি চৰকাৰখনে ৯০ দশকৰ গুপ্তহত্যাক পুৰণাবৃত্তি ঘটনাইছে বুলি সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জানিব পৰা মতে শেষতীয়াকৈ কেম’ফ্লেজ পোছাক পিন্ধি হাতত এটা মাৰণাস্ত্ৰ লৈ কোনো অজ্ঞাত স্থানত জয়ন্তই তোলা এখন ফটো সেনা-আৰক্ষীৰ হাতত থকাৰ লগতে বিভিন্ন মাধ্যমত প্ৰকাশ হৈছে।
ফটোখনৰ উৎস কি ?
প্ৰকৃততে জয়ন্তই তোলা হয়নে নহয় অথবা ফটোখন এডিট কৰা নেকি এই সকলো কথা বৰ্তমানলৈকে পোহৰলৈ অহা নাই। জয়ন্তৰ এনেধৰণৰ ফটো ৰাজহুৱা হোৱাৰ ক্ষেত্ৰত পোনপটীয়াকৈ ৰাইজে আঙুলি টোৱাইছে জিলা প্ৰশাসনলৈ। জয়ন্তৰ এনে ফটো থকা কথাটো সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে। ইয়াৰ অন্তৰালত সেনা আৰু আৰক্ষী প্ৰশাসনৰ এক কূটীল ষড়যন্ত্ৰ আৰু নিজক ৰক্ষণাবেক্ষণ দিয়াৰ কৌশল অন্তঃনিহিত হৈ আছে বুলি ৰাইজে মত ব্যক্ত কৰিছে। ফটোখনৰ জড়িয়তে জয়ন্ত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত আছিল বুলিও প্ৰমাণ কৰি নিজৰ দোষ সাৰিবলৈ বৰ্তমান সেনা-আৰক্ষী প্ৰশাসনে কৌশল ৰচনা কৰিছে বুলি বহুজনৰ অভিযোগ উত্থাপিত হৈছে। এজন প্ৰয়াত অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পত্নী তথা জয়ন্তৰ মাতৃ লীলা বৰাই এই সন্দৰ্ভত ‘নিয়মীয়া বাৰ্তা’ৰ আগত স্পষ্টকৈ কয় কয় যে জয়ন্ত সদায় ঘৰতে থাকে। গাড়ীৰ ভাৰা মাৰি, কেতিয়াবা মেজিক চলাই দুপইচা উপাৰ্জন কৰিছিল।
শেষতীয়াকৈ ব্ৰইলা কুকুৰাৰ এখন সৰু ফাৰ্ম খুলিবলৈয়ো যো-জা কৰিছিল জয়ন্তই। তেনেস্থলত সি কোনোৱা উগ্ৰপন্থী সংগঠনৰ সৈতে কেনেকৈ জড়িত হব ? সেনা-আৰক্ষীয়ে এনেদৰে মাজনিশা আহি জয়ন্তক লৈ যাব লগা কোনো প্ৰয়োজনেই নাছিল। কোনোৱা সংগঠনৰ সৈতে জড়িত থকা হ’লে ঘৰত এনেদৰে কেতিয়াও নাথাকে। হত্যা কৰিব লগা হোৱাকৈ জয়ন্তই এনে কি ভুল কৰিছিল প্ৰশাসনে ৰাজহুৱা কৰিব লাগিব বুলি অতি দুখ আৰু ক্ষোভেৰে ব্যক্ত কৰে জয়ন্তৰ মাতৃয়ে।
জয়ন্তৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰথম দিনাৰ পৰাই ঘোৰ প্ৰতিবাদ জনাই অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে জয়ন্ত কাৰ লগত জড়িত আছিল বা নাছিল সেয়া এটা নিদিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত হ’ব লাগিছিল। তাকেই নকৰি মাজনিশা শুৱাপাটীৰ পৰা এনেদৰে উঠাই আনি নিৰ্মম অত্যাচাৰ চলাই এজন তেজাল অসমীয়া যুৱকক হত্যা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সেনা-আৰক্ষী প্ৰশাসনে এতিয়া তাৰ ফটো, ভিডিঅ’ যিয়েই প্ৰকাশ নকৰক কিয় এনেদৰে নৃশংসভাবে কৰা হত্যাৰ সমপৰ্যায় একোৱেই হ’ব নোৱাৰে। নিৰীহ যুৱকক হত্যা কৰাৰ অনুমতি সেনা-আৰক্ষীক কোনখন আইনে দিছে ? নিজৰ ভুল ধাকিবলৈ এতিয়া প্ৰশাসনে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। গতিকে ইয়াৰ এক উচিত তদন্ত হ’ব লাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকাই কয় যে যদি জয়ন্তৰ সচাকৈয়ে নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে সম্পৰ্ক আছিল সেই কথা লগে লগে ৰাজহুৱা হ’ব লাগিছিল। কেইবাদিনো পাৰ হোৱাৰ পিছত এতিয়া এনেবোৰ ফটোৰ জৰিয়তে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো বিপথে পৰিচালিত কৰাৰ এক কৌশল হ’ব পাৰে। জয়ন্ত বৰাৰ হত্যা কিয় কৰা হ’ল সেই বিষয়টোৰ এক সু বিচাৰ লাগে। সচাকৈ যদি জয়ন্তই সামৰিক পোছাকত হাতত মাৰনাস্ত্ৰ লৈ ফটো উঠিছিল আজিলৈকে অসম আৰক্ষীৰ ইণ্টেলিজেন্স শাখাই একো খবৰ লাভ কৰা নাছিল কিয় ? অকল আৰ্মীয়েহে পাইছিল নেকি ? এই ক্ষেত্ৰত অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা স্পষ্ট হৈছে বুলি ব্যক্ত কৰে সম্পাদকগৰাকীয়ে।
প্ৰণিধানযোগ্য যে AFSPAৰ অধীনত চৰাইদেউস্থিত সেনাৰ ২৪৪ ফিল্ড ৰেজিমেণ্টৰ ৯ জনীয়া এটা দলে দেওবাৰে মাজনিশা জয়ন্তৰ বাসগৃহত অভিযান চলাইছিল। নিয়ম মতে এই অভিযান চলোৱাৰ পূৰ্বে সেনাই জিলা প্ৰশাসনক অৱগত কৰা আৱশ্যক যদিও সেনাৰ দলটোৱে সেয়া নকৰি তিতাবৰৰ এছ ডি পি অ’ আৰু বৰহোলাৰ অ’ চিক লগত লৈ পোনে পোনে অভিযানত নামি পৰিছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শনিবাৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি অৰ্থাৎ ‘মাছ’ৰ এটি পাঁচজনীয়া প্ৰতিনিধি দলে জয়ন্ত বৰাৰ ঘৰত উপস্থিত হৈ মাতৃৰ পৰা সবিশেষ তথ্য আৰু সাক্ষ্য গ্ৰহণ কৰি নিজাববীয়াকৈ এক গোচৰ তৰাৰ কথা অৱগত কৰিছে। ‘মাছে’ ইতিমধ্যে সেনা-আৰক্ষীয়ে চলাই অহা বৰ্বৰতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।