🔹 সাৱধান ! পুৰণি বাহনকে নতুন বুলি বিক্ৰী কৰি প্ৰৱঞ্চনা
🔹 মেনেজাৰক আটক, গৰাকীৰ গোচৰ
বিশেষ বাৰ্তা, ৩১ মাৰ্চ : এবাৰ, দুবাৰ নহয়; এতিয়া যেন হাজাৰবাৰ ভাবিব লাগিব নতুন গাড়ী ক্ৰয় কৰাৰ পূৰ্বে। আপুনি বিলাসী শ্বৰুমৰ পৰা নতুন গাড়ীখন ক্ৰয় কৰিলে ঠিকেই; কিন্তু গাড়ীখন আপুনি বা মই ভবাৰ দৰে নতুন নহ’বও পাৰে। এয়া চকু কপালত উঠা অদ্ভুত কথা যেন লাগিলেও প্ৰকৃততে সেয়াই আজিৰ দিনত সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ এক প্ৰতিষ্ঠিত আগশাৰীৰ ডিলাৰৰ এনে ঠগ-প্ৰৱঞ্চনাত এতিয়া সকলো হতভম্ব। নতুন বাহন বুলি পুৰণি বাহনকে বিক্ৰী কৰি প্ৰৱঞ্চনা কৰিলে গ্ৰাহকক। ঠগ-প্ৰৱঞ্চনাৰে ভৰিছে এতিয়া একাংশ বাহনৰ ডিলাৰ প্ৰতিষ্ঠান। এই ঘটনা উদঘাটন হৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ডিব্ৰুগড়ৰ আগশাৰীৰ ডিলাৰ জে বিত। জানিব পৰা অনুসৰি, ধেমাজি জিলাৰ সৰুজনী বুঢ়াগোহাঁই নামৰ মহিলাগৰাকীয়ে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত জে বি ডিলাৰৰ পৰা মাৰুতি ছুজুকি S-Presso বাহন এখন বুকিং কৰিছিল আৰু পৰৱৰ্তী সময়ত গাড়ীখন ক্ৰয় কৰিছিল প্ৰতিষ্ঠানটোৰ পৰা। কিন্তু অভিযোগ অনুসৰি, গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানটোৱে গ্ৰাহকজনক নতুন বাহনৰ নামত যোগান ধৰিলে পূৰ্বে বিক্ৰী কৰা তথা ইতিমধ্যে মেৰামতি কৰা পুৰণি এখন বাহন৷ ক্ৰয় কৰাৰ সময়ত গৰাকীৰ সেয়া চকুত পৰা নাছিল। কিন্তু ছাৰ্ভিচিং কৰাৰ বাবে নিৰ্দিষ্ট সময় আহি পৰাত ডিব্ৰুগড়ৰ জে বি ডিলাৰৰ পৰিৱৰ্তে লখিমপুৰৰ এটা ডিলাৰলৈ নিয়াতহে ওলাই পৰিল জোলোঙাৰ মেকুৰী।তথ্য অনুসৰি, গ্ৰাহকগৰাকীয়ে ক্ৰয় কৰা বাহনখনৰ থেছিছ নম্বৰ প্ৰত্যক্ষ কৰি লখিমপুৰৰ ডিলাৰৰ স্বত্বাধিকাৰীয়ে উক্ত বাহনখন ললিত শৰ্মা নামৰ এজন ব্যক্তিৰ নামত ইতিমধ্যে বিক্ৰী হৈ যোৱাৰ কথা জানিবলৈ দিয়ে বৰ্তমানৰ গাড়ীৰ গৰাকীক। কেৱল সেয়াই নহয়, বাহনখনে পাবলগীয়া বিনামূলীয়া চাৰ্ভিছিং প্ৰক্ৰিয়াও কাহানিবাই সম্পূৰ্ণ কৰাৰ উপৰি গুৰুত্বপূৰ্ণ পাৰ্টছো সলনি কৰা হৈছিল। ইয়াৰ পিছতে কালি ডিব্ৰুগড় আমোলাপট্টিস্থিত জে বি ডিলাৰত উপস্থিত হৈ বিষয়টো সন্দৰ্ভত ডিলাৰ কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰে। কিন্তু ডিলাৰ কৰ্তৃপক্ষই মহিলাগৰাকীক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। ডিলাৰৰ মতে, বাহনখন ভাৰালৈহে দিয়া হৈছিল। ইয়াকে লৈ কালি জে বি ডিলাৰত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতি ইমানেই অৱনমিত হৈ পৰে যে ঘটনাস্থলীত আমোলাপট্টি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগাত পৰে। আনহাতে, এই ঘটনা সন্দৰ্ভত গ্ৰাহক সেৱা আদালতত অভিযোগ দাখিল কৰিছে মহিলাগৰাকীয়ে। সেইদৰে আমোলাপট্টি আৰক্ষী চকীতো এজাহাৰ দাখিল কৰিছে উক্ত ঘটনা সন্দৰ্ভত। আৰক্ষী উপস্থিত হৈ উক্ত ডিলাৰৰ মেনেজাৰ কৰ্ণভ লস্কৰক সোধা-পোছাৰ বাবে আটক কৰে। ইফালে, উক্ত সময়ত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো উক্ত ডিলাৰৰ কৰ্মচাৰীয়ে বহু বেয়া ব্যৱহাৰ কৰে।
প্ৰেৰক বিভাস দুৱৰা