নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ৰাজীৱ ভৱনতো আমি বিজেপিৰ এটা ব্রাঞ্চ খুলিম : ড০ শৰ্মা

🔹 ১২৬ বিধানসভা সমষ্টিৰ প্রভাৰীৰে মুখ্যমন্ত্রীৰ বৈঠক

বিশেষ বাৰ্তা, ৩১ মার্চ : যুদ্ধংদেহি মানসিকতাৰে নির্বাচনলৈ সাজু হৈছে ৰাজ্যিক বিজেপি৷ উজনিত প্রচাৰ অভিযান তুংগত উঠাৰ সময়তে শাসকীয় দলটোৱে শক্তিশালী ৰূপত প্রতিটো সমষ্টিত ভুমুকি মৰাৰ লক্ষ্যৰে প্রায় প্রতিদিনে অনুষ্ঠিত কৰি আহিছে একোখনকৈ সাংগঠনিক বৈঠক৷ পৰহি ৩২খন দলীয় কমিটীৰ সৈতে মুখ্যমন্ত্রীয়ে দীঘলীয়া বৈঠক অনুষ্ঠিত কৰাৰ পাছত কালি পুনৰ ১২৬টা সমষ্টিৰ প্রভাৰীৰ সৈতে অনুষ্ঠিত কৰিলে আন এখন বৈঠক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ অসমৰ নির্বাচনী প্রভাৰী কেপ্টেইন অভিমন্যু সিং সিদ্ধুৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্রতিটো লোকসভা সমষ্টিৰ দলীয় সাংগঠনিক দিশ সন্দর্ভত বিস্তৃত তথ্য সংগ্রহ কৰে মুখ্যমন্ত্রীয়ে৷ মুখ্যতঃ প্রথম পর্যায়ত হ’ব লগা উজনি অসমৰ পাঁচটা সমষ্টিক বিশেষ গুৰুত্ব প্রদান কৰা মুখ্যমন্ত্রীয়ে কালি লোকসভা সমষ্টিসমূহৰ অন্তর্গত প্রতিটো বিধানসভা সমষ্টিত দলৰ সাংগঠনিক দিশ কেনেধৰণৰ, কোন কোন পঞ্চায়তত দলৰ কোন কোন কার্যকর্তাই কাম কৰি আছে, চৰকাৰী আঁচনিসমূহ প্রতিজন ভোটাৰৰ ওচৰলৈ নিয়াৰ ক্ষেত্রত কি ধৰণে বক্তব্য দিছে, বিৰোধীৰ ৰণকৌশলৰ লগতে দলে অহা ১ এপ্রিলৰ পৰা কিধৰণে প্রচাৰ চলাব, সেই সকলো দিশ সামৰি বিস্তৃত আলোচনা কৰে৷ উল্লেখ্য যে এই বৈঠকতে অহা ৬ এপ্রিলত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আগমন আৰু অনুষ্ঠিত হ’ব লগা লখিমপুৰ, হোজাইৰ বৈঠক সন্দর্ভতো আলোচনা কৰা হয়৷ উল্লেখ্য যে পৰহি অনুষ্ঠিত বৈঠকৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি দলে এইবাৰ ব্যতিক্রমী ধৰণে প্রচাৰকার্য চলাব৷ ১ এপ্রিলৰ পৰা আৰম্ভ হ’ব লগা মুখ্যমন্ত্রীৰ প্রচাৰকার্যৰ সমান্তৰালকৈ দলে আর্থ–সামাজিক দিশ সন্দর্ভত এক সমীক্ষাও চলাই যাব৷ চৰকাৰৰ পাঁচখন আঁচনিক লৈ প্রতিজন ভোটাৰৰ ওচৰলৈ বিজেপিৰ কার্যকর্তা যাব আৰু তেওঁলোকে এই আঁচনিসমূহৰ দ্বাৰা লাভৱান্বিত হৈছে নে নাই অথবা এই আঁচনিৰ পৰা হিতাধিকাৰী বঞ্চিত হৈছে নেকি, এই দিশসমূহো পৰীক্ষা কৰি লিপিবদ্ধ কৰি আনিব৷ প্রতিটো সমষ্টিতে দলে উন্নয়নৰ ইছ্যুক লৈ প্রচাৰকার্য চলাব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল৷ কালি ১২৬গৰাকী প্রভাৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকতো মুখ্যমন্ত্রীগৰাকীয়ে এই দিশসমূহ পুনৰ উল্লেখ কৰে৷ বিশেষকৈ প্রতিটো সমষ্টিতে থকা পৃষ্ঠাপ্রমুখসকলৰ ভূমিকাক লৈও এই বৈঠকত আলোচনা হয়৷ পৃষ্ঠাপ্রমুখসকলে কিদৰে ভোটাৰৰ ওচৰলৈ যাব, প্রচাৰৰ সময়ত তেওঁলোকৰ দায়িত্ব কি হ’ব এই বিষয়েও কালি বিস্তৃতভাৱে আলোচনা হোৱাৰ লগতে মুখ্যমন্ত্রীয়ে প্রতিগৰাকী প্রভাৰীক এলানি পৰামর্শ প্রদান কৰে৷ সমান্তৰালভাৱে মুখ্যমন্ত্রীগৰাকীয়ে প্রতিজন প্রভাৰীক একোটা বুথত দলৰ সাংগঠনিক দিশ কিমান ধৰণে শক্তিশালী? এনে সাংগঠনিক স্থিতিক লৈ প্রার্থীয়ে কিমান ভোট পাব, কিমান ভোটৰ ব্যৱধানত জয়যুক্ত হ’ব, সেই সন্দর্ভতো বিভিন্ন তথ্য লয়৷ মুখ্যমন্ত্রীয়ে অহা ১ এপ্রিলৰ পৰা ১৫ এপ্রিললৈ চলাব লগা প্রচাৰ অভিযানৰ সময়ছোৱাত দলীয় কার্যকর্তা তথা প্রভাৰীসকলৰ ভূমিকা কি হ’ব সেই সন্দর্ভতো এলানি পৰামর্শ প্রদান কৰে৷ ইফালে, বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰে হোৱা বার্তালাপত কয়– কংগ্রেছ শূন্য হ’বলৈ বেছি সময়ৰ প্রয়োজন নহ’ব৷ ৰাজ্যিক পর্যায়ত হৈ থকা যোগদানৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত বুথ পর্যায়তো বহু ব্যক্তিয়ে বিজেপিত যোগদান কৰিছে৷ ২০২৬লৈকে কংগ্রেছত কোনো হিন্দু লোক নাথাকিব৷ আনহাতে, ২০৩২ত কংগ্রেছ শূন্য হ’ব৷ ৰাজীৱ ভৱনটো আমি বিজেপিৰ এটা ব্রাঞ্চ কৰিম৷ উজনিত প্রথম পর্যায়ৰ নির্বাচনত বিজেপি যথেষ্ট শক্তিশালী পর্যায়ত থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রতিখন সভাত সমৱেত হোৱা লোকৰ পৰাই ধাৰণা কৰিব পাৰি বিজেপি এতিয়া কিমান শক্তিশালী হৈ আছে৷ ১০৫টা বিধানসভা সমষ্টিত আমি লীড পাম৷ যোৱা সময়ছোৱাত আমি যিমান কাম কৰিছোঁ, পূর্বে এনে কাম হোৱা নাছিল৷ এতিয়া ৰেচন কার্ড পালেই অৰুণোদয় লাভ কৰিব, ৪০ লাখ মহিলাৰ বেংক একাউণ্টত ১০ হাজাৰ টকাকৈ সোমাই যাব৷ কোষাগাৰত এতিয়া কোনোধৰণৰ ব্যস্ততা নাই৷ পূর্বে ৩১ মার্চ বুলি ক’লে যি এক অৰাজকতাৰ সৃষ্টি হয়, এতিয়া তেনে পৰিৱেশ নাই৷ সকলোৱে বিল সুকলমে পাইছে৷ আমাক ৰাইজে সেয়েহে যথেষ্ট আশীর্বাদ দিব৷ আনহাতে, তিনি গগৈৰ প্রসংগত কটাক্ষ কৰি কয় যে তিনি গগৈৰ কোনে কি কৰি আছে ধৰিবই নোৱাৰি, কোনে কাক লেং মাৰে সেয়া নির্বাচনৰ পিছতহে গম পোৱা যাব৷ উল্লেখ্য যে বাজপেয়ী ভৱনত বিয়লিৰ ভাগত অনুষ্ঠিত বৈঠকখনত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, দলৰ নির্বাচনী সমন্বয়ক পৱিত্র মার্ঘেৰিটাও উপস্থিত থাকে৷

You might also like