নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহৰ উপস্থিতিত এনডিএৰে চামিল জেডিএছ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ আজি জনতা দলৰ চেকুলাৰ (JDS) নেতা এইচ ডি কুমাৰস্বামীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। এই সময়ত বিজেপিৰ সভাপতি জে পি নাড্ডাও উপস্থিত থাকে। সূত্ৰই জনোৱা মতে, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটকত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত তিনিওজন নেতাৰ মাজত আলোচনা হৈছিল। বৈঠকৰ অন্তত বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে জেডিএছে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত যোগদান কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া এক্সত লিখিছে, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছ নেতা এইচ ডি কুমাৰস্বামীক লগ পালে। জে ডি এছে এন ডি এত যোগদান কৰাৰ সিদ্ধান্ত লোৱাত মই সুখী। নাড্ডাই আৰু কয় যে আমি তেওঁক এন ডি এত সম্পূৰ্ণ হৃদয়েৰে আদৰণি জনাইছোঁ। ইয়াৰ দ্বাৰা এন ডি এ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, নিউ ইণ্ডিয়া, ষ্ট্ৰং ইণ্ডিয়াৰ দৃষ্টিভংগী আৰু অধিক শক্তিশালী হ’ব। আনহাতে এইচ ডি কুমাৰস্বামীয়ে কয় যে মিত্ৰতা কৰা হৈছে আৰু আমি এতিয়া আসন ভাগ-বাটোৱাৰা কৰাৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ আছে। চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰিছিল। আনহাতে বিজেপিয়ে ক্ষমতা হেৰুৱাবলগীয়া হৈছিল। বিজেপিয়ে ৬৬খন আসন আৰু জেডিএছে ১৯খন আসন লাভ কৰিছিল। এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই মিত্ৰতাক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কৰ্ণাটকত বিজেপিয়ে ২৫খন আসন লাভ কৰাৰ বিপৰীতে ইয়াৰ সমৰ্থিত নিৰ্দলীয় (মাণ্ড্যাৰ পৰা সুমলতা আম্বৰীশ)য়ে এখন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছ আৰু জেডিএছে এখনকৈ আসন লাভ কৰিছিল। ৰাজ্যখনত আছে মুঠ ২৮খন লোকসভাৰ আসন।

You might also like