নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত কামাখ্যা তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ জিতু গোস্বামীৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি তথা মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ নৱগঠিত বঢ়মপুৰ সমষ্টিৰ বিভিন্ন স্থানত আজি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ১০নং কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি তথা মিত্ৰ দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ নৱগঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মুহানি শিঙিয়া কেকুৰাচুক গেন্ধেলী ভেলেউগুৰি পহুকটা তেলিয়াগাঁও আদিকে ধৰি মুঠ ৯খন নিৰ্বাচনী সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ উপস্থিত ৰাইজক আহবান জনায়৷ নিৰ্বাচনী প্ৰচাৰ সভাসমুহত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি তথা মিত্ৰ দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয় কৰালেহে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাত সহায়ক হব ৷ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুখীয়াৰ ৰাইজৰ কাৰণে সদায় কাম কৰি আহিছে ৷ ৰাইজৰ বাবে বিভিন্ন উন্নয়ন মূলক আচঁনিৰ ৰূপায়ণ কৰি আহিছে ৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে সদায় ৰাইজৰ মাজত থাকি ৰাইজৰ উন্নয়নৰ হকে কাম আহিছে ৷ বঢ়মপুৰ সমষ্টি আৰু উন্নয়ন যদি ৰাইজে বিছাৰে তেতিয়া হ’লে কামাখ্যা প্ৰসাদ তাচাক বিপুল ভোটত জয় কৰাব লাগিব। আন বিধানসভা সমষ্টিতকৈ বঢ়মপুৰ সমষ্টিৰ ৰাইজে কামাখ্যা প্ৰসাদ তাঁচাক বিপুল ভোটত জয়যুক্ত কৰাব লাগিব৷ কামাখ্যা প্ৰসাদ তাচা নিৰ্বাচনত জয় হোৱাৰ পাছত আমি একে লগে মিলি বঢ়মপুৰ সমষ্টিৰ ৰাইজৰ উন্নয়ন হকে কাম কৰি যাম বুলি ৰাইজক আশ্বাস প্ৰদান কৰে৷ আজিৰ নিৰ্বাচনী সভাকেইখনত পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মা কলিয়াবৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি লক্ষিৰঞ্জন কাকতি, যুৱ মৰ্চাৰ পুৰণিগুদাম মণ্ডলৰ সভাপতি ৰাজা কাঠ হাজৰিকা, কলিয়াবৰ জিলা বিজেপিৰ সম্পাদিকা ৰীতা কাকতি, কলিয়াবৰ জিলা বিজেপিৰ কোষাধ্যক্ষ আৰু যুৱ মৰ্চাৰ প্ৰভাৰি বেদান্ত গায়ন, কলিয়াবৰ জিলা কৃষাণ মৰ্চাৰ সভাপতি বীৰেন শইকীয়া, ভেলেউগুৰি পঞ্চায়তৰ শক্তি কেন্দ্ৰৰ প্ৰমুখ ধ্ৰুৱজ্যোতি মহন্ত, মুকুল ভুঞাকে ধৰি বহু কেইজন বিজেপি নেতা কৰ্মী উপস্থিত থাকে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like