নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

JMB ৰ ভাবুকিৰ পাচত কি ক’লে মন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দুৰ্ধৰ্ষ মৌলবাদী সংগঠন জেএমবিয়ে মইনবড়ী সত্ৰৰ ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰী, অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱালৈ দিয়া ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ড০ শৰ্মাই । ড০ শৰ্মাই কয় যে, ‘তেওঁলোকৰ ভাবুকি তেওঁলোকৰ ঠাইত থাকিব , আমি আমাৰ কাম কৰি যাবই লাগিব ।’

উল্লেখ্য যে, এই ভাবুকি পত্ৰখনত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ লগতে মইনবড়ী সত্ৰৰ উন্নয়নৰ হৈ কাম কৰি অহা অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাকো দিয়া হৈছে ভাবুকি । পত্ৰত উল্লেখ থকা অনুসৰি – ‘এটা কথা মনত ৰাখিব – হিমন্ত, জয়ন্ত আৰু আপুনি ইছলামৰ শত্রু ৷ কিন্তু আপোনাক লাষ্ট সুযোগ দিয়া হৈছে ৷’ লগতে এই পত্ৰত জেএমবিয়ে ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰীক তেওঁলোকৰ নেতা বনাব বুলি কোৱাৰ লগতে চিঠিখন গোপনে ৰাখিবলৈও ভাবুকি প্ৰদান কৰিছিল ।

জানুৱাৰী মাহৰ ৫ তাৰিখে কোনো অজ্ঞাত লোকে মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ বাসভৱনত এটা বন্ধ খাম পেলাই থৈ যায় । বন্ধ খামটো কোনো সভাৰ নিমন্ত্ৰণী পত্ৰ অথবা অন্য কিবা বুলি প্ৰথম অৱস্থাত বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল অপূৰ্ব অধিকাৰীয়ে । পিচে খামটো খুলি চাই আচৰিত হৈ ১৯ জানুৱাৰী তাৰিখে সৰভোগ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে সত্ৰাধিকাৰ গৰাকীয়ে ।

You might also like