নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত বিজেপিৰ যোগদান কাৰ্যসূচীত মন্ত্ৰী পীয়ূষ হাজৰীকা

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ নৱগঠিত ৪৮নং টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ খালিংদুৱাৰ মণ্ডল, ননৈ ছেৰফাং মণ্ডল আৰু মুদৈবড়ী মণ্ডলৰ বিশেষ সাংগাঠনিক সভা আৰু যোগদান কাৰ্যসূচী কালি টংলাত অনুষ্ঠিত হয়। মন্ত্ৰী পীয়ূষ হাজৰীকা, সাংসদ দিলীপ শইকীয়া, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত বিভিন্ন দলৰ পৰা অহা ৩০গৰাকীয়ে আজি বিজেপিত যোগদান কৰে। ভাজপাৰ ওদালগুৰি জিলাৰ সম্পাদক জয়কান্ত শৰ্মাই আঁত ধৰা এই যোগদান কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুবা, বিটিচিৰ মনোনীত সদস্যা অৰ্পনা মেধি, বিজেপি নেতা জৌশ্ৰাং বড়ো, অৰ্জুন দৈমাৰীকে ধৰি দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like