অসম ধেমাজিৰ বন বিভাগত পুনৰ কলংকিত অধ্যায়ঃ জোনাইৰ ৰেঞ্জাৰ ফকৰুল ইছলামক গ্ৰেপ্তাৰ By নিয়মীয়া বাৰ্তা On Jun 18, 2020 Share নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ধেমাজি জিলাৰ জোনাই সংমণ্ডলৰ বন বিভাগৰ এগৰাকী ৰেঞ্জাৰক আজি ভিজিলেঞ্চ আৰু এন্টি কৰাপচনৰ দলে উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধেমাজিৰ পূৰ্বৰ এজন বন বিষয়া মহৎ তালুকদাৰৰ কু-কৰ্ম মাৰ নৌযাওতেই এইবাৰ পুনৰ এগৰাকী ৰেঞ্জাৰৰ কুকৰ্ম ফাদিল হোৱাৰ ঘটনাই লজ্জানত কৰিছে ধেমাজি বাসীক। জানিব পৰা অনুসৰি কাঠৰ ব্যৱসায়ী সঞ্জীৱ দাস নামৰ এজনৰ এখন কাঠ ভৰ্তি গাড়ী এৰি দিয়াৰ বাবদ ৫৫ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত ভিজিলেঞ্চ আৰু এণ্টি কৰাপচনৰ কব্জাত পৰে জোনাইৰ ৰেঞ্জাৰ ফকৰুল ইছলাম। ইয়াৰ পূৰ্বে ৩-৪ লাখ টকা বিচাৰিচিল জোনাইৰ ৰেঞ্জাৰ ফকৰুল ইছলামে। কাঠ ব্যৱসায়ী জনৰ পৰা জানিব পৰা মতে ইতিমধ্যে ১ লাখ ৬৫ হাজাৰ আদায় দিয়াৰ পাছত আজি পুনৰ ৫৫ হাজাৰ টকা লেনদেনৰ সময়তে চিচিবৰগাঁও ৰাজহ চক্ৰটোৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কানিবিলত টকা লোৱাৰ পিছতেই কৰায়ত্ত কৰে ভিজিলেঞ্চ আৰু এণ্টি কৰাপচনে । ইফালে অভিযুক্ত জোনাইৰ ৰেঞ্জাৰ ফকৰুল ইছলামে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলি নিজৰ বক্তব্যত জানিবলৈ দিয়ে । অভিযুক্ত ৰেঞ্জাৰ জনৰ ঘৰ হৈছে লখিমপুৰত। আনহাতে বিভিন্ন সময়ত বনবিভাগৰ ওপৰত চৰ্চা হৈ থকা অবৈধ কাঠ ব্যৱসায়ৰ পৰা শিল বালিৰ এক বৃহৎ কেলেংকাৰীৰ এই আন্ধাৰ অধ্যায়বোৰত সহযোগিতা কৰা এনে দুৰ্নীতিগ্ৰস্ত বিষয়া সকলৰ সৈতে জড়িত সকলো তথ্য উদঘাটনৰ বাবে ৰেঞ্জাৰ ফকৰুল ইছলামক অধিক সোধাপোছা অব্যাহত ৰাখিছে ভিজিলেঞ্চ আৰু এণ্টি কৰাপচনে। সমান্তৰালভাৱে ধেমাজিৰ DFO চফিকুৰ ৰহমানৰ কাৰ্যালয় আৰু চৰকাৰী কোৱাটাৰতো দলটোৱে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। ASSAM POLICEFeatured Share