জোঙাল বলহু গড়ক এক আকর্ষণীয় পর্যটনক্ষেত্র হিচাপে গঢ়ি তোলাৰ বাবে এক অভিলাষী প্রকল্প ৰাজ্য চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ২০ মার্চঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি তিৱা জনগোষ্ঠীৰ কিংবদন্তি বীৰ পুৰুষ জোঙাল বলহুৰ নামেৰে নামাংকিত ৰহাৰ ঐতিহ্যমণ্ডিত জোঙাল বলহু গড়ত উপস্থিত হৈ প্রায় চাৰি কিলোমিটাৰ পদব্রজে ভ্রমণ কৰি গড়টো চৰজমিন পৰিদর্শন কৰে৷ ইয়াৰ পাছতে জোঙাল বলহু গড় তথা মীনপামৰ চৌহদত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা বার্তালাপৰ সময়ত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে তেওঁ ইতিপূর্বে কৰা ঘোষণা অনুসৰি ৫০ কোটিৰো অধিক পুঁজি ব্যয়েৰে জোঙাল বলহু গড়ক পুনৰুজ্জীৱিত কৰাৰ লগতে বিভিন্ন উপাদানৰ সংযোজনেৰে এই গড়ক এক আকর্ষণীয় পর্যটনক্ষেত্র হিচাপে গঢ়ি তোলাৰ বাবে এক বিস্তৃত প্রকল্প হাতত লোৱা হব৷ পৰৱর্তী তিনি–চাৰি মাহৰ ভিতৰতে এই প্রকল্পৰ কাম আৰম্ভ হব বুলি জানিবলৈ দি তেওঁ কয় যে প্রকল্পটো সম্পূর্ণ হৈ উঠিলে জোঙাল বলহু গড় মধ্য অসমৰ এক জাকতজিলিকা পর্যটনথলী হৈ উঠিব৷ প্রকল্পটোৰ সবিশেষ ব্যাখ্যা কৰি ড০ শর্মাই কয় যে কাম–কাজখিনিক মুঠ তিনিটা ভাগত বিভক্ত কৰা হব, গড়ৰ দুয়ো মূৰৰ দুটা অংশ আৰু মাজৰ মূল অংশ৷ তেওঁ কয় যে এহ অভিলাষী প্রকল্পৰ অংশ হিচাপে এই স্থানত এটা প্রেক্ষাগৃহ আৰু এক মুকলি মঞ্চও নির্মাণ কৰা হব৷ শিশু উদ্যান, প্রমোদ উদ্যান, শব্দ আৰু পোহৰ প্রদর্শনী আদিৰো ব্যৱস্থা থাকিব৷ জলৰাশিৰ ওপৰেৰে কেইবাখনো ওলমা দলং নির্মাণ কৰা হব৷ বিশাল প্রকল্প চৌহদৰ ভিতৰত পর্যটকৰ ভ্রমণৰ সুবিধাৰ বাবে বিদ্যুৎচালিত ৰিক্সা, খোৱা–বোৱাৰ সুবিধাৰ বাবে কেফেটেৰিয়াৰো ব্যৱস্থা থাকিব৷ মুঠতে জোঙাল বলহু গড়ক দর্শনার্থীৰ আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলা হব বুলি তেওঁ জানিবলৈ দিয়ে৷ আজিৰ পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রীৰ সৈতে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, নগাঁৱৰ বিধায়ক ৰূপক শর্মা, ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী উপস্থিত আছিল৷