১৪১টা বলত ৪২টা ছিক্সাৰেৰে ৪৩০ ৰান জন্ময় ৰাজবংশী -ৰ
🔹 ১৪১টা বলত ৪২টা ছিক্সাৰেৰে ৪৩০ ৰান জন্ময় ৰাজবংশী -ৰ
🔹 ক্লাব পর্যায়ৰ মেচত অনন্য অভিলেখ নলবাৰীৰ খেলুৱৈৰ
বিশেষ বার্তা, ২৪ জুন : অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে আন এগৰাকী প্রতিভাৱান স্কুলীয়া ছাত্রই বিস্ফোৰক বেটিঙেৰে ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ প্রথম বিপুল ভৰালী চিচিডি চেলেঞ্জার্ছ ১৩ বছৰ অনূর্ধ্ব ক্রিকেট প্রতিযোগিতাত নলবাৰীৰ জন্ময় ৰাজবংশীয়ে চাৰি শতাধিক ৰান কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷
ক্রিকেট ক্লাব অৱ দেওচোতালৰ উদ্যোগত গুৱাহাটীৰ পামহীৰ দীপৰ বিলস্থিত দেওচোতাল গ্রাউণ্ডত চলি থকা প্রতিযোগিতাখনৰ কালি নলবাৰী গর্ডন ক্রিকেট একাডেমী আৰু গুৱাহাটীৰ ৰাইন’লেণ্ড ক্লাবৰ মাজত অনুষ্ঠিত খেলখনত নলবাৰী গর্ডন ক্রিকেট একাডেমীক প্রতিনিধিত্ব কৰা জন্ময় ৰাজবংশীয়ে মাত্র ১৪১টা বলত ৪৩০ ৰান সংগ্রহ কৰি ক্লাব পর্যায়ৰ মেচত সর্বাধিক ৰান কৰাৰ অভিলেখ ৰচে৷ জন্ময় ৰাজবংশীয়ে বিস্ফোৰক বেটিং কৰি প্রথম ৩১টা বলতে ১০০ ৰান সংগ্রহ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ প্রতিভাৱান বেটাৰগৰাকীয়ে ৬৬টা বলত ২০০ ৰান অর্জন কৰাৰ লগতে ৯৮টা বলত ৩০০ ৰান আৰু ১৩১টা বলত ৪০০ ৰান অর্জন কৰে৷ দলটোৱে দলীয় স্ক’ৰ ১৩০ ৰানতে চাৰিটাকৈ উইকেট হেৰুৱাই চৰম বিপর্যয়ৰ সন্মুখীন হৈছিল যদিও জন্ময় ৰাজবংশীয়ে ৰাইন’লেণ্ড ক্লাবৰ প্রতিজন বলাৰক নির্দয়ভাৱে প্রহাৰ কৰি ইটোৰ পিছত সিটো অভিলেখ গঢ়াই নহয়, দলটোক শক্তিশালী স্থিতিতো উপনীত কৰোৱাত মুখ্য ভূমিকা পালন কৰে৷ জন্ময়ৰ ইনিংছটোত আছিল ৪২টা ছিক্সাৰ আৰু ৩১টা চাৰি৷
নলবাৰী বাপুজী প্রাথমিক বিদ্যালয়ৰ সপ্তম শ্রেণীৰ ছাত্র জন্ময় ৰাজবংশী নলবাৰীৰ আল্লিয়া (বনগাঁও) গাঁৱৰ ব্যৱসায়ী নিৰঞ্জন ৰাজবংশী আৰু মাধৱী ৰাজবংশীৰ কনিষ্ঠ পুত্র৷ প্রতিভাৱান বেটাৰগৰাকীয়ে নলবাৰীৰ মহেশ্বৰ হালৈৰ লগতে বৰপেটাৰ মনোজ বায়নৰ তত্ত্বাৱধানত ক্রিকেটৰ প্রশিক্ষণ গ্রহণ কৰি আছে৷ জন্ময় ৰাজবংশীৰ এই সাফল্যক লৈ নলবাৰীৰ ক্রিকেটপ্রেমীয়ে আনন্দ প্রকাশ কৰিছে৷
উল্লেখ্য যে মেচখনত গর্ডন ক্রিকেট একাডেমীয়ে নির্ধাৰিত ৩৫ অভাৰত ৫৬৭ ৰান কৰাৰ প্রত্যুত্তৰত ৰাইন’লেণ্ড ক্লাবে ৯ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৩৬ ৰানহে কৰে৷ দলটোৰ এজনো বেটাৰে দহকৰ ঘৰ স্পর্শ কৰিবলৈ সক্ষম নহ’ল৷ ছয়গৰাকী বেটাৰে ৰানআউট হৈ পেভিলিয়নমুখী হয়৷