নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Jorhat News : শিক্ষাজগতত উজলিছে যোৰহাটৰ শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল

উচ্চ শিক্ষিত মহিলা সংগীতা দেৱীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে ব্যতিক্ৰমী প্ৰাক প্ৰাথমিক শিক্ষাদান

বিশেষ বাৰ্তা, ২মে’ : Jorhat News : শিক্ষাজগতত উজলিছে যোৰহাটৰ শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল যি সময়ত ব্যক্তিগত শিক্ষা অনুষ্ঠান সমুহৰ অত্যাধিক মাচুলে অভিভাৱক সকলক জুৰুলা কৰিছে সেই সময়তে অতি কম মাছুলৰ বিনিময় শিশুসকলক অগতানুগতিক ভাবে শিক্ষা প্ৰদান কৰিছে শৈশৱ দ্য নেক্সট জেন স্মাট স্কুল নামৰ শিক্ষানুস্থানটোৱে।

যোৰহাট Jorhat News জিলাৰ কেন্দুগুৰি অঞ্চলৰ উচচ শিক্ষিত মহিলা সংগীতা দেৱীয়ে এই অনুষ্ঠানৰ  জৰিয়তে অসমীয়া কৃষ্টি সংস্কৃতি লগত সংপৃক্ত কৰি ইংৰাজী শিক্ষাৰ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ ফ্ৰেঞ্চাইজি প্ৰতিষ্ঠা কৰি অসমীয়া জনজীৱন উদ্ধুদ্ধ কৰিছে।

অসমীয়া জাতিয় জীৱনৰ প্ৰতিটো কৃষ্টি সংস্কৃতি লগত খাপ খোৱাকৈ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা লগতে ছাত্ৰ ছাত্ৰী সকলৰ অত্যাধিক শিক্ষাৰে শিক্ষিত কৰিবলৈ চেষ্টা চলোৱা হয় এই শিক্ষানুস্থানটোত। যোৰহাট Jorhat News জিলাত ইতিমধ্যে তিনি বছৰ পূৰ্বে কেন্দুগুৰি ১নং বামুন গাৱত আৰম্ভ কৰা বিদ্যালয় খনে অভিভাৱকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

নিজৰ সংস্কৃতিক সাৱতি বিশ্ব দৰবাৰত নতুন নতুনত্বৰ প্ৰয়াসেৰে খোজ পেলাব পৰাকৈ শিশুসকলৰ মনোভাৱ উপলব্ধি কৰি শিক্ষা প্ৰদান কৰি ইতিমধ্যে জিলাখনতে চচ্চা কেন্দ্ৰ বিন্দু হৈ পৰা

কেন্দু গুৰি শাখাৰ আৰত কেইবাটাও জাতীয় সংগঠনৰ আৰু ছাত্ৰ সংগঠনৰ লগতে কেইবাজনো যোৰহাট জিলাৰ সামাজিক ক্ষেত্ৰৰ ব্যক্তি জড়িত হৈ আছে। নৈতিক শিক্ষাৰ পৰা ব্যৱহায়িক শিক্ষা লৈকে সকলো দিশ সামৰি লৈছে।

বিশেষ কৈ ডিজিটেল মাধ্যমৰ যোগেদি শিশুসকলক নতুন পৃথিৱীৰ লগত খাপ খোৱাকৈ শিক্ষা প্ৰদান কৰিছে। বিহু, গুৰুজনা জন্ম উংসৱ, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত,আদি শিক্ষা সৰুৱে পৰা দিয়া হোৱাৰ সমান্তৰাল ভাৱে সৎতিয়া নৃত্য, চাৰু কলা, আদি শিক্ষাও সৰুৰে পৰা দিয়া হয়।

বিদ্যালয় খনৰ এনে প্ৰচেষ্টা যোৰহাট বাসী Jorhat News ৰাইজে আদৰি লোৱাৰ লগতে বিদ্যালয় খন আগুৱাই যোৱা বিচাৰিছে। ইতিমধ্যে বিদ্যালয়খনে কমদিনৰ ভিতৰতে অধশতাধীক অভিভাৱকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like