নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায় যাত্ৰাত বিশৃংখলতা : যোৰহাট সদৰ থানাত জেৰা ভূপেন বৰাক

বিশেষ বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰাৰ পিছত এতিয়া মহা বিপদত পৰিছে কংগ্ৰেছ নেতৃত্ব। ন্যায় যাত্ৰাৰ বাবে আৰক্ষী প্ৰশাসনে নিৰ্ধাৰণ কৰা পথৰ নিৰ্দেশ অমান্য কৰি ৰাজপথত সৃষ্টি কৰা বিশৃংখল পৰিস্থিতিৰ বাবে যোৰহাট আৰক্ষীৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা,কাৰ্যকৰি সভাপতি ৰাণা গোস্বামী আৰু ভাৰত জোৰো ন্যায় যাত্ৰাৰ ৰাহুল গান্ধীৰ বিশেষ কৰ্তব্যৰত বিষয়া কে বি বাইজু। যোৱা ১৮ জানুৱাৰীত যোৰহাটত চলা ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰাত সংঘটিত অনাহূত পৰিস্থিতিৰ বাবে যোৰহাট সদৰ থানাৰ ৰজু হোৱা গোচৰৰ ভিত্তিত আজি দ্বিতীয় বাৰৰ বাবে হাজিৰ হব লগা হল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। আজি দিনৰ প্ৰায় ১০.৩০ বজাত যোৰহাট সদৰ থানত হাজিৰ হোৱা ভূপেন বৰাক দুঘণ্টা আৰক্ষীয়ে জেৰা চলোৱাৰ পিছত পুনৰ যাবলৈ দিয়া হয়। পৰবৰ্তী যি কোনো সময়ত তদন্ত বাবে ভূপেন বৰাই আৰক্ষীক সহযোগীতা কৰিবৰ বাবে আৰক্ষীয়ে নিৰ্দেশ দিয়ে। উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰাত যোৰহাট নগৰত আৰক্ষীয়ে নিৰ্ধাৰণ কৰা পথ সলনি কৰি অন্য পথেৰে ৰেলি কৰাত এক অবাঞ্চিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ৰাহুলৰ ৰেলীয়ে নগৰৰ গৰআলিত এফালৰ পৰা মহাতিয়াই নিয়াত পদ পৃষ্ট হৈ বহু নিৰিহ লোক আহত হোৱাৰ লগতে পথৰ কাষত ৰখাই থোৱা বহু যান বাহনৰ ক্ষতি হৈছিল। এই ঘটনাৰ পিছত যোৰহাট আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী আৰু ৰাহুল গান্ধীৰ যাত্ৰাৰ কৰ্তব্যৰত বিষয়া কে বি বাইজুৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/১১৫(২)/১৪৩/১৪৭/১৮৮/২৮৩/৩২৩/৩৫৩ ধাৰাৰ লগতে পিদিপিপি আইনৰ ৩ দফাৰ অধীনত ২০/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছিল। এই গোচৰৰ সন্দৰ্ভত ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি প্ৰথম বাৰ যোৱা ৩১ জানুৱাৰীত যোৰহাট সদৰ থানত হাজিৰ হৈছিল। অনুৰূপ গোচৰত যোৱা ১০ফেব্ৰুৱাৰীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কৰ্তব্যৰত বিষয়া কে বি বাইজু আৰু ১১ফেব্ৰুৱাৰীত প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী যোৰহাট সদৰ থানাত হাজিৰ হৈ আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছিল।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like