নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ বালিকুৰি আঞ্চলিক হাইস্কুলত উত্তেজনা

প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন, ঐক্যপোছাক যোগান নধৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অন্তৰ্গত বালিকুৰি আঞ্চলিক হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাল মাহমুদৰ বিৰুদ্ধে উত্থাপিত হৈছে পৰ্বত সম দুৰ্নীতি আৰু অনিয়মৰ অভিযোগে। আজি বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাল মাহমুদৰ বিৰুদ্ধে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আৰু একাংশ অভিভাৱকে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে। ছাত্ৰ-ছাত্ৰী সকলক বিগত পাঁচ মাহ ধৰি মধ্যাহ্ন ভোজন নিদিয়া, দুবছৰ ধৰি ঐক্য পোছাক যোগান নধৰা, মধ্যাহ্ন ভোজনৰ চাউল আত্মসাত কৰা, আন্তঃগাথনিৰ ধন, ক্ৰীড়া অনুদান, ইকো ক্লাবৰ ধনৰ অধিকাংশ আত্মসাত কৰা আদি কৰি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে,বিদ্যালয় খনত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত যোৱা ৮ ফেব্ৰুৱাৰী ২০২৪ ইং তাৰিখে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে বিষয়টো অসম বিধান সভাত উত্থাপন কৰাৰ পিছত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ জৰুৰীকালীন তদন্তৰ নিৰ্দেশ দিয়ে।যাৰফলত আজি মিছন ডিৰেক্টৰে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ কথা আছিল যদিও ইয়াৰ পূৰ্বেই ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্থ কৰি বিদ্যালয় চৌহদ উত্তাল কৰি তোলে। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক ৰাইজে। পিছমুহুৰ্তত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে ওচৰতে থকা বালিকুৰী আৰক্ষী চ’কীত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিব পৰা গৈছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like