নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনত পঞ্চাশবাৰ ৰক্তদান কৰাৰ অংগীকাৰ সাংবাদিক আবু নাছিৰ আলমৰ

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত মধুফল গাওঁৰ ছোৰহাব আলীৰ নাতি তথা শুকুৰ আলীৰ পুত্ৰ ময়েন উদ্দিন নামৰ এটি ফুলকুমলীয়া শিশু থেলাছেমিয়া ৰোগত আক্ৰান্ত হৈ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল। দুখীয়া পৰিয়ালটিৰ কাষত কোনেও ৰক্তদান কৰিবলৈ থিয় হোৱা নাছিল। ইপিনে পৰিয়ালটোৰ মুৰব্বী ছোৰহাব আলীয়ে ৰক্ত দাতা বিচাৰি নাপাই চৰম হতাশাত ভুগিছিল। যাকে-তাকে ৰক্তদান কৰি তেওঁৰ ফুলকোমলীয়া নাতিৰ জীৱন ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছিল। এবাৰ তেওঁ যাত্ৰীবাহী গাড়ীত লগ পাইছিল বৰপেটা জিলাৰ পুতলাৰটাৰী গাৱঁৰ দেৱান আতোৱাৰ ৰহমানক। ৰহমানে কথাষাৰ অৱগত হোৱাৰ পিছত আগৰেপৰাই ৰক্তদান কৰা বা ৰক্তদানত সহায় কৰা কয়াকুছিৰ উদীয়মান সাংবাদিক আবু নাছিৰ আলমক অৱগত কৰে। আৰ্থিকভাবে দুৰ্বল পৰিয়ালটিৰ শিশুটিক ৰক্ত দিবলৈ কোনো নাছিল বাবে আজি প্ৰায় গোটেই দিন অপেক্ষা কৰি সন্ধিয়া ৫ বজাতহে সপ্তমবাৰৰ বাবে ৰক্ত দান কৰিবলৈ আবু নাছিৰ আলমে ৰক্তদান কৰিবলৈ সক্ষম হয়। শিশুটিৰ বাবে আপোনালোকে আৰ্শীবাদ কৰিব যাতে ভৱিষ্যতে তেওঁ এগৰাকী সৎ, নিষ্ঠাবান, ন্যায়পৰায়ন ব্যক্তি হিচাপে গঢ়ি উঠে পৰিয়ালৰ লোকে তাকে কামনা কৰাৰ লগতে আবু নাছিৰ আলমৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। সাংবাদিক আবু নাছিৰ আলমেও ৰক্তদান কৰি সুখ অনুভৱ কৰাৰ লগতে জীৱনত মুঠ পঞ্চাশবাৰ ৰক্তদান কৰিব বুলি জানিবলৈ দিয়ে।

প্ৰেৰক আফতাব হুছেইন

You might also like