বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ আজি সন্ধিয়া পাঁচ বজাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে তেওঁৰ চৰকাৰী বাসভৱনত প্ৰায় এঘন্টা ধৰি আলোচনাত মিলিত হয়। নাড্ডাৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীজনে দলৰ সাংগঠনিক বিষয়ত আলোচনা কৰা বুলি জানিব পৰা গৈছে। বিশেষকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হব লগীয়া পঞ্চায়েত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীজনে ৰাষ্ট্ৰীয় সভাপতিজনৰ সৈতে আলোচনা কৰে। তদুপৰি অসমত দলৰ ভ্যন্তৰত শেহতীয়াকৈ দেখা দিয়া বিদ্ৰোহৰ বিষয়টোও আলোচনাকালত উত্থাপিত হয়। পিছে দলীয় বিসম্বাদে যে নিৰ্বাচনী ফলাফলত কোনো প্ৰভাব পেলাব নোৱাৰে সেই কথা মুখ্যমন্ত্ৰীজনে নাড্ডাৰ সমুখত দাঙি ধৰে। ইয়াৰ পূৰ্বে স্বাধীন ভাৰতৰ অন্যতম কলা আইন হিচাপে পৰিচিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) অসমৰ পৰা প্ৰত্যাহাৰ কৰাৰ আৰ্জিৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰে।