নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীট-ইউ জিত উজলিল কুকুৰমাৰাৰ জ্যোতি প্ৰকাশ কলিতা

নিয়মীয়া বাৰ্তা, ৭ জুন : সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা নীট-ইউ জিত দক্ষিণ কামৰূপৰ উপৰহালীৰ কেৰিয়াৰ প্লাছ একাডেমীৰ পৰা কুকুৰমাৰা নৱাভিঠা গাঁৱৰ ৰাধা কলিতা আৰু কবিতা কলিতাৰ পুত্ৰ জ্যোতি প্ৰকাশ কলিতাই সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মুঠ ৭২০ নম্বৰৰ ভিতৰত জ্যোতি প্ৰকাশ কলিতাই ৬৫০ নম্বৰ লাভ কৰিছে। জ্যোতিৰ এই সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। উল্লেখ্য যে অত্যন্ত নম্ৰ আৰু অমায়িক ছাত্ৰ জ্যোতি প্ৰকাশ কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ছয়গাঁৱৰ নোৱাপাৰাৰ ছেইন্ট লুইছ হাইস্কুলৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯৬ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

প্ৰেৰক ভগৱান দাস

You might also like