অসম বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হ’ল। বৃহস্পতিবাৰে শিলচৰ শশ্মানঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে ভাৰতীয় জনতা পাৰ্টীৰ স্থপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য সম্পন্ন হয়। কালি সন্ধিয়া ৯৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা কবীন্দ্ৰ পুৰকায়স্থক আজি পুৱাৰ ভাগত শিলচৰৰ বাসগৃহত অজস্র নেতা-কৰ্মী, গুণমুগ্ধই উপস্থিত হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে।
তাৰ পিছত এখন পুষ্পসজ্জিত বাহনত গায়ন-বায়নৰ খোল-তাল পৰিৱেশনেৰে শিলচৰ চহৰেৰে শ্ৰদ্ধাঞ্জলি যাত্ৰা কৰি কাছাৰ জিলা বিজেপি কাৰ্যালয়লৈ লৈ যোৱা হয়। দলৰ বিষয়াসকলে তাত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াত মন্ত্ৰী কৌশিক ৰয়, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক দীপায়ন চক্ৰৱৰ্তীসহ অন্যান্য দলীয় বিষয়ববীয়াই শেষ শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত শোক শোভাযাত্ৰা কৰি তেওঁক জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হয়। তাত কবীন্দ্ৰ পুৰকায়স্থক ৰাষ্ট্ৰীয় সন্মানেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কবীন্দ্ৰ পুৰকায়স্থক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ সৈতে উপস্থিত আছিল মন্ত্ৰী কৌশিক ৰায়, মন্ত্রী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক নীহাৰ ৰঞ্জন দাসকে ধৰি অন্যান্য নেতা উপস্থিত থাকে। তদুপৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণেৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে ৰাজনীতীবিদগৰাকীক।
ইয়াৰ পিছত শিলচৰৰ আৰ এছ এছৰ কাৰ্যালয়লৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয়। তাত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁক শিলচৰ শশ্মানঘাটলৈ নিয়া হয়। শ্মশানলৈ কঢ়িয়াই নিয়াৰ পিছত তেওঁৰ অসম চৰকাৰৰ তৎপৰতাত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গার্ড অৱ অনাৰ প্ৰদৰ্শন কৰি আৰক্ষীৰ বেণ্ডবাদনৰ পিছত সম্পূৰ্ণ ৰাজ্যিক মর্যাদা প্রদান কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ জিলা আয়ুক্ত আয়ুষ গার্গে ফুলৰ তোৰাৰে শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে সম্পূৰ্ণ অসম আৰক্ষীৰ মৰ্যাদাৰে ফুলৰ তোৰাৰে শ্রদ্ধা জ্ঞাপন কৰে। পিছত তেওঁৰ পুত্ৰ ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থই ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰে মুখাগ্নি কৰি শেষকৃত্য সম্পন্ন কৰে।