নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এণ্ডোৰাৰ ক্লাব চিএফ এটলেটিক আমেৰিকাৰে চুক্তিবদ্ধ অসম সন্তান কবিৰ নাথ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে’ : বিশ্ব ফুটবলত দেশৰ লগতে অসমৰ নাম উজ্বলালে কবিৰ নাথে৷ ইউৰোপীয়ান ক্লাবত চুক্তিৱদ্ধ হৈ প্রথমগৰাকী অসমীয়া ফুটবলাৰ হিচাপে গৌৰৱ অর্জন কৰা কবিৰ নাথে এণ্ডোৰাৰ ক্লাব চিএফ এটলেটিক আমেৰিকাৰ সৈতে দীর্ঘম্যাদী চুক্তিত স্বাক্ষৰ কৰিছে৷ স্পেইনৰ যুৱ বিকাশৰ কার্যসূচীত কেইবা বছৰ ভাগ লোৱা ২৩ বছৰীয়া অসমৰ প্রতিভাৱান ফুটবলাৰ কবিৰ নাথে ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ শীর্ষ খেলুৱৈৰ বিৰুদ্ধে মুখামুখি হোৱাৰ বাবে নিজৰ পেছাদাৰী কেলক কৃতিত্ব দিয়ে৷ ‘এণ্ডোৰাৰ প্রথম ডিভিজনত খেলাৰ সুযোগ পাই এক ডাঙৰ অভিজ্ঞতা হৈছে৷ মই কেইবাটাও গুৰুত্বপূর্ণ কথা শিকিছোঁ আৰু এই ছিজনত উন্নত খেল দাঙি ধৰি নিজকে দক্ষ খেলুৱৈ হিচাপে পৰিগণিত কৰাত সহায় কৰিছে৷’ সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাতকাৰত এনেদৰে ব্যক্ত কৰে অসম সন্তান কবিৰ নাথে৷ পৰৱর্তী সময়ত কঠোৰ পৰিশ্রম কৰি আৰু অধিক সফলতা লাভ কৰাৰ আশা ব্যক্ত কৰে খেলুৱৈগৰাকীয়ে৷ ২৩ বছৰীয়া উইংগাৰগৰাকীয়ে চলিত বছৰৰ জানুৱাৰী মাহত চিএফ এটলেটিক আমেৰিকাত যোগদান কৰে আৰু এতিয়ালৈকে ১৫খন মেচত অংশগ্রহণ কৰি এটা গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হৈছে৷ মাত্র ১৪ বছৰ বয়সৰ পৰা পৰিয়ালৰ পৰা আঁতৰি থকাৰ পিছতো তেওঁ পাৰদর্শিতা দেখুৱাবলৈ দৃঢ় প্রতিজ্ঞ হৈ আছে বুলি উল্লেখ কৰি কবিৰ নাথে লগতে কয় যে ক্লাব আৰু প্রতিযোগিতাসমূহ অত্যন্ত প্রতিযোগিতামূলক৷ ইউৰোপত বহু বছৰ ধৰি অকলে আছো৷ কিন্তু মই নিশ্চিত যে মই যিকোনো ঠাইতে খাপ খুৱাব পাৰিম আৰু সফলতাও লাভ কৰিব পাৰিম৷ ক্লাবসমূহ অতি পেছাদাৰী আৰু চাহিদা থকা৷ গতিকে মই কঠোৰ পৰিশ্রম কৰি থাকিব লাগিব৷ যদিও এণ্ডোৰাত আছো মোৰ প্রধান লক্ষ্য হৈছে ভাৰতীয় দলৰ জার্ছি পিন্ধা৷ জাতীয় দলৰ হৈ খেলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম আৰু অতি সোনকালে মনৰ আশা পূৰণ হ’ব৷ মাত্র ৬ বছৰ বয়সতে ফুটবলৰ প্রেমত পৰা কবিৰ নাথ হ’ল অসমীয়া চিকিৎসক দম্পতী কল্পজিত নাথ আৰু গীতা বৰুৱা নাথৰ পুত্র৷ গুৰুগ্রামতে ডাঙৰ দীঘল হৈ ফুটবলৰ প্রতি আকর্ষিত হৈ পৰা কবিৰ নাথে গুৰুগ্রামত ব্রাজিলৰ আন্তঃৰাষ্ট্রীয় ফুটবল একাডেমীত সাত বছৰৰ পৰা ১৪ বছৰলৈ প্রশিক্ষণ লৈ আন্তঃৰাষ্ট্রীয় খ্যাতি লাভ কৰিছিল৷ মালয়েছিয়াৰ ৰয়েল চেলাংগৰ কাপ আৰু ছিংগাপুৰৰ আর্ছেনাল ক্লাবৰ জে এছ এছ এল প্রতিযোগিতাত অংশগ্রহণ কৰা কবিৰ নাথে এআইএফএফে আয়োজন কৰা বিভিন্ন বয়স ভিত্তিক ৰাষ্ট্রীয় প্রতিযোগিতাত হাৰিয়ানাক প্রতিনিধিত্ব কৰি ২০১৬ চনত জার্মানীত অনুষ্ঠিত ১৭ বছৰ অনূর্ধ্ব বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নির্বাচিত হৈছিল যদিও আঘাতৰ বাবে সন্মানীয় প্রতিযোগিতাখনত অংশগ্রহণ কৰিব পৰা নাছিল অসম সন্তানগৰাকীয়ে৷ ইয়াৰ পিছতে কবিৰে স্পেইনলৈ যায় আৰু এমআইচি (মেডিটেৰানিয়ান ইণ্টাৰনেচনেল কাপ)ৰ দৰে প্রতিযোগিতাত অংশগ্রহণ কৰি হেটট্রিক অর্জন কৰাৰ গৌৰৱ অর্জন কৰিছিল৷ ২০১৮–১৯ চনত চেম্পিয়নশ্বিপ বিজয়ী লিগা প্রিমেৰা জুভেনিল কেমব্রিলছ ক্লাব দলৰ হৈ খেলি পুৰুষৰ দলটোত অভিষেক ঘটে আৰু ৬খন মেচ খেলি ৫টাকৈ গ’ল স্ক’ৰ কৰিছিল৷ ১৯ বছৰ বয়সত তেওঁ চিডি অলিম্পিক ডি জাটিভাৰ হৈ স্পেনিছ নাছিঅ’নেল লীগ টেৰচেৰা ডিভিজনত ভাগ লৈছিল৷

You might also like