কাজিৰঙাত বছৰটোৰ প্রথমটো গঁড় হত্যা, কাটি নিলে খড়গ
ৰাষ্ট্রীয় উদ্যানৰ সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উন্মোচিত
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা৷ চলিত বর্ষত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সংঘটিত প্রথমটো গঁড় নিধনৰ ঘটনাহ উদঙালে ৰাষ্ট্রীয় উদ্যানখনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ৷ প্রাপ্ত তথ্য অনুসৰি বুধবাৰে নিশা ৮.৪৫ বজাত কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ পৰা এক কিলোমিটাৰ নিলগত ঘন হাবিৰ মাজত উদ্ধাৰ হয় এটা খড়গবিহীন গঁড়ৰ মৃতদেহ৷ উদ্যান কর্তৃপক্ষহ জানিবলৈ দিয়া অনুসৰি প্রায় ১০–১৫ দিন পূর্বেহ গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে খড়গটো লৈ উধাও হয়৷ কিন্তু বুধবাৰে নিশাহে শিলেখুন্দা বন শিবিৰৰ বনকর্মীয়ে মৃত গঁড়টো উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে উদ্যান কর্তৃপক্ষহ৷ হপিনে বৃহস্পতিবাৰে পুৱা উদ্যানখনৰ সঞ্চালক, ডি এফ অ’সহ বন বিভাগৰ এটা বৃহৎ দল, গোলাঘাট জিলা আৰক্ষী অধীক্ষক, বোকাখাত মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীলৈ ৰাওনা হয়৷ উল্লেখ্য যে ২০২১ বর্ষত উদ্যানখনত মাত্র এটা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল, যাক লৈ ঢ়াক–ঢ়োল বজাহছিল উদ্যান কর্তৃপক্ষহ৷ স্মর্তব্য যে যোৱা ২৮ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনৰ কার্তিকা বন শিবিৰৰ বনকর্মীয়ে চোৰাং চিকাৰী প্রৱেশৰ তথ্য লাভ কৰিছিল৷ পৰৱর্তী সময়ত চোৰাং চিকাৰীৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছিল৷ সেহ তথ্যৰ পম খেদিয়েহ যোৱা ৩১ ডিচেম্বৰত ব্রহ্মপুত্রৰ পাৰত চাৰিখন জাল উদ্ধাৰ কৰিছিল বন বিভাগে৷
মন কৰিবলগীয়া যে বিশ্বনাথ সংমণ্ডলৰ অধীনৰ এলেকাত যোৱা ৮ জানুৱাৰীত এটা মৃতদেহ উদ্ধাৰ হৈছিল৷ মৃতদেহটোৰ সৈতে ১৯ জাই সক্রিয় গুলী, ৫টা ম’বাহল আৰু বহু আপত্তিজনক সামগ্রী বন বিভাগে উদ্ধাৰ কৰিছিল৷ শিলেখুন্দাত গঁড় হত্যাৰ ঘটনাৰ সৈতে উক্ত চোৰাং চিকাৰীৰ দলটো জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে উদ্যান কর্তৃপক্ষহ৷ আনহাতে বন বিভাগৰ সোপাঢ়িলা নীতিৰ বিৰুদ্ধে সৰৱ হৈছে কাজিৰঙাৰ বিভিন্ন দল–সংগঠন৷ যুৱ–ছাত্র পৰিষদৰ মতে গঁড় হত্যাৰ ঘটনাৰ উচিত তদন্ত হ’ব লাগে৷ কিয়নো পূর্বে গঁড় হত্যা বা গঁড়ৰ খড়গৰ চোৰাং বেহাৰ সৈতে স্বয়ং বন বিভাগৰ লোক জড়িত হৈ আছিল৷ লগতে উদ্যানত সাংবাদিকৰ প্রৱেশত বাধা প্রদান কৰিবলৈ নির্দেশ দিয়া কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছে যুৱ–ছাত্র পৰিষদৰ বোকাখাত জিলা সমিতি৷ জিলা সম্পাদকগৰাকীৰ অভিযোগ মতে, কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ দাঁতি–কাষৰীয়া লোকৰ লগত জনসম্পর্ক ৰক্ষা কৰিব নোৱাৰাটো গঁড় হত্যাৰ অন্যতম কাৰণ হ’ব পাৰে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দাঁতি–কাষৰীয়া ৰাইজৰ সহযোগিতা অবিহনে কাজিৰঙা সুৰক্ষা দিয়াটো সম্ভৱ নহয় সেয়া সকলোৰে অৱগত৷ এহক্ষেত্রত কঁহৰা বনাঞ্চলৰ ৰেঞ্জ অফিচাৰগৰাকীৰ ভূমিকাকো সমালোচনা কৰে সংগঠনটোৱে৷ লগতে ৰাজ্য চৰকাৰক ঘটনা সন্দর্ভত উচিত তদন্ত কৰিবলৈ দাবী সংগঠনটোৰ৷ ইফালে মৰিগাঁৱত আজি ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাই বিশ্ব গৌৰৱ এশিঙীয়া গঁড় হত্যাৰ ঘটনাত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰে৷ তেওঁ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন্যপ্রাণীৰ সুৰক্ষাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি প্রকাশ কৰে৷