নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যা চোৰাং চিকাৰীৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ বিয়াগোম বন বিভাকটোক চেলেঞ্জ কৰি চোৰাং চিকাৰীৰ বছৰৰ প্ৰথমটো গঁড় হত্যা ৷ উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ চোৰাং চিকাৰীয়ে এজনী মাইকী গঁড় হত্যা কৰি কাটি লৈ গ’ল খৰ্গ ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা চোৰাং চিকাৰীৰ দল নাৱেৰে উদ্যানখনত প্ৰবেশ কৰি গঁড় হত্যা কৰি খৰ্গ লৈ যোৱাৰ সন্দেহ কৰা হৈছে ৷ দেওবাৰে বিয়লি ভাগত চোৰাং চিকাৰীয়ে মাইকী গঁড়জনী হত্যা কৰি খৰ্গ লৈ যোৱাৰ পিছত সোমবাৰে পুৱাৰ ভাগত মাকলুং বন শিবিৰৰ তহলদাৰী দলে কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে মৃত গঁড়জনী প্ৰত্যক্ষ কৰে ৷ তহলদাৰী দলে বন বিভাগৰ উচ্চ পদস্থ বিষয়াক বিষয়টি অৱগত কৰাত অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ এলেকালৈ ৰাওনা হৈছে ক্ষেত্ৰ সঞ্চালককে ধৰি উচ্চ পদস্থ বিষয়াসকল ৷ ইতিমধ্যে চোৰাং চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বন বিভাগৰ লোকে ৷

#ৰঞ্জিত ৰজক

You might also like