‘অসমীয়া ইমান দুৰ্বল হৈছে নেকি যে আজমল-শ্বেৰমানৰ পৰামৰ্শ ল’ব লাগিব’? – হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ মিঞা কবিতা, মিঞা মিউজিয়াম হৈছে অসমীয়া সভ্যতা-সংস্কৃতিৰ ওপৰত আক্ৰমণ। ব্যক্তিক লৈ আক্ৰমণ হোৱা নাই। ৰকিবুল হুছেইন, আজমল বা নজৰুল ইছলাম এইসকল ব্যক্তিৰ অসমীয়াক পৰামৰ্শ দিব পৰা ধৃষ্টতা নাই। আজি আমি অসমীয়া ইমান দুৰ্বল হৈ যোৱা নাই যে আজমল বা শ্বেৰমান আলীৰ পৰামৰ্শ লৈ চলিম। আমাৰ ডাঙৰ সমস্যাটো হ’ল অসমীয়া সভ্যতা-সংস্কৃতিলৈ এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে তাক ওফৰাই পেলোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।