নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ সাওৰাচৰাত বেঁকী নৈৰ ভয়ংকৰ খহনীয়া

🔹 নৈত জাহ গ’ল শ শ ঘৰ-দুৱাৰ, হেজাৰ হেজাৰ বিঘা কৃষিভূমি

🔹 কুম্ভকৰ্ণ নিদ্ৰাত বিধায়ক-সাংসদ

নিয়মীয়া বাৰ্তা, ১০ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওৰাচৰা গাঁও, সাওৰাচৰা পাথাৰ, চিকনী আৰু জাউৰীমাৰী গাঁৱত বেঁকী নৈৰ ভয়াৱহ খহনীয়াই ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে কলগাছিয়া ৰাজহ চক্ৰ তথা জনিয়া সমষ্টিৰ কেইবাখনো গাঁৱৰ শ শ পৰিয়ালৰ ভেটি-মাটি উছন হোৱাৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষিভূমি বেঁকী নৈৰ বুকুত জাহ যোৱাৰ পিছতো জনপ্ৰতিনিধিসকলে কোনোধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বিধায়ক ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকক বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৰাইজে । সেয়ে খহনীয়াগ্ৰস্ত ৰাইজে বৰপেটা জিলা প্ৰশাসন আৰু অসম চৰকাৰক বেঁকী নৈৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে গৰাখহনীয়াত সৰ্বস্বান্ত লোকক পুনৰ সংস্থাপনৰ দাবী জনায় ।

প্ৰেৰক মফিদুল ইছলাম

You might also like