নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদত কমলাক্ষ : ভাতৃ-ভাইবোৱাৰীক ভিজিলেঞ্চৰ তলব

বিশেষ বাৰ্তা, ২ অক্টোবৰঃ চাহ বাগিচা ক্ৰয় কেলেংকাৰিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ভাইবোৱাৰীক তলব কৰিছে চিএম ভিজিলেঞ্চে। বিধায়কগৰাকীৰ ভাতৃ কল্যাণ দে’ পুৰকায়স্থকো তলব কৰিছে। কাইলৈ দুয়োকে গুৱাহাটীৰ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ চিএম ভিজিলেঞ্চৰ। বাগিচা ক্ৰয়ৰ সন্দৰ্ভত সোধা-পোছা চলোৱা হ’ব কমলাক্ষৰ ভাইবোৱাৰী মিতালী দে’ পুৰকায়স্থ আৰু ভাতৃ কল্যাণ দে পুৰকায়স্থক। আনহাতে ৪ অক্টোবৰত বিধায়ক কমলাক্ষৰ আন ৪ সহযোগীকো গুৱাহাটীলৈ তলব কৰা হৈছে। এই ৪ বন্ধুৰ সৈতে মিলি চাহ বাগিচাখন ক্রয় কৰিছিল বিধায়কগৰাকীয়ে। ইতিমধ্য, চিএম ভিজিলেঞ্চৰ এটা দলে অভিযান চলাইছিল পুৰকায়স্থৰ প্ৰমোদ নগৰ চাহ বাগিচাত। বাগিচা ক্ৰয়ৰ সময়ত ভাই বোৱাৰীয়েক মিতালী দে’ পুৰকায়স্থৰ পৰা বৃহৎ ধন লোৱাৰ অভিযোগ উঠ্ছে। বিধায়কগৰাকীৰ বিৰুদ্ধে।

You might also like