নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : মৰিগাঁৱৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোংগা গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ আব্দুল কালাম নামৰ লোকজনৰ বাসগৃহত আজি আবেলি ৩ বজাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত আব্দুল কালামৰ দুটাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী, বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুই ভস্মীভূত হয়। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপন হয় জুই। উল্লেখ্য যে বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত সম্পৰ্কে জানিব পৰা হোৱা নাই।

প্ৰেৰক আবুল কালাম

You might also like